Site icon NEWS8 NE

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগ…

নিউজ ডেস্ক। অৱশেষত যেন ওৰ পৰিল দীৰ্ঘদিনৰ জল্পনা-কল্পনা তথা ৰাজনৈতিক অস্থিৰতাৰ। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে কেপ্টেইন অমৰিন্দৰ সিঙে।

শনিবাৰে ৰাজ্যপাল বনোৱাৰী লাল পুৰোহিতৰ ওচৰত সমগ্ৰ কেবিনেট সহ তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে।

সেই সময়ত পত্নী পৰনীত কৌৰ আৰু পুত্ৰ ৰণিন্দৰ সিং ৰাজভৱনত উপস্থিত আছিল। বৰ্তমান কেপ্টেইন অমৰিন্দৰ সিঙে বিজেপিত যোগদান কৰিব বুলি অনুমান কৰা হৈছে।

ৰাজভৱনত পদত্যাগ পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অমৰিন্দৰ সিঙে কয়, “আজি ৰাতিপুৱা মোৰ সিদ্ধান্ত লোৱা হৈছিল। মই ৰাতিপুৱা কংগ্ৰেছ সভাপতিৰ সৈতে কথা পাতিছিলো আৰু কৈছিলো যে মই আজি পদত্যাগ কৰিম। কথাটো হ’ল, যোৱা কেইমাহমানত এইটো তৃতীয়বাৰৰ বাবে হৈছিল। দিল্লীলৈ মোক তিনিবাৰ মাতি পঠোৱা হৈছিল। মোৰ ওপৰত সন্দেহ কৰিছিল যে মই চৰকাৰ চলাব নোৱাৰিম। সেয়েহে মই লজ্জিত অনুভৱ কৰো। যোৱা দুমাহত তিনিবাৰ তেওঁ বিধানসভাৰ সদস্যসকলক দিল্লীলৈ মাতিছিল। তেতিয়াই মই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলো আৰু তেওঁ যিসকলক বিশ্বাস কৰিব তেওঁলোকক মুখ্যমন্ত্ৰী সাজিবলৈ সিদ্ধান্ত লৈছিলো। কংগ্ৰেছ সভাপতিয়ে যি সিদ্ধান্ত লৈছিল সেয়া ঠিক আছে। মই ক’ব বিচাৰো যে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে। ভৱিষ্যতৰ ৰাজনীতিত সদায় বিকল্প থাকে, মই সেই বিকল্পটো ব্যৱহাৰ কৰিম। মই যোৱা চাৰে ন বছৰত মোৰ লগত থকা সহকৰ্মী, সমৰ্থক সকলৰ সৈতে কথা পাতিম আৰু এটা সিদ্ধান্ত লম। যিসকলে সেই সময়ছোৱাত মোৰ সৈতে আছিল। মই কংগ্ৰেছ দলত আছো। সহকৰ্মীসকলৰ সৈতে কথা পাতিলে আগন্তুক ৰাজনীতিৰ সিদ্ধান্ত ল’ব।”

সূত্ৰ অনুসৰি, বৰ্তমান চণ্ডিগড়ত অমৰিন্দৰ সিঙৰ বাসগৃহত এখন বৈঠক চলি আছে। বৈঠকত মাত্ৰ ১০-১২ জন বিধায়ক উপস্থিত আছে। যাৰ ভিতৰত ৪ জন মন্ত্ৰীও উপস্থিত আছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে, কেপ্টেইন সিঙে জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথ আৰু মনীষ তিৱাৰীৰ সৈতে কথা পাতি নিজৰ অভিপ্ৰায় ব্যক্ত কৰিছিল। সূত্ৰ অনুসৰি, তেওঁ আজিও সমগ্ৰ বিবাদৰ সমাপ্তি বিচাৰিছে। তেওঁ এইধৰণে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিয়াৰ বাবে দল ত্যাগ কৰাৰ ভাবুকি দিছে। তেওঁ দলৰ হাইকমাণ্ডকো এই বাৰ্তা প্ৰেৰণ কৰে।

উল্লেখ্য যে কংগ্ৰেছ হাইকমাণ্ডে শুক্ৰবাৰে ৪০ জন বিধায়কৰ এখন পত্ৰ লাভ কৰিছিল। যিসকল বিধায়ক অমৰিন্দৰ সিঙৰ ওপৰত অসন্তুষ্ট আছিল। ইয়াৰ পিছতেই হাইকমাণ্ডে এটা সিদ্ধান্ত লৈছিল। সেই অনুসৰি তেওঁ শনিবাৰে সন্ধিয়া ৫ বজাত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰাৰ কথা ঘোষণা কৰিছিল। পাঞ্জাৱ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিশ ৰাৱাটে ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পিছত শুক্ৰবাৰে মাজনিশা এই কথা শ্বেয়াৰ কৰিছিল।

অজয় মাকেন আৰু হৰিশ চৌধুৰীক বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল আৰু দুয়োজন নেতাই চণ্ডিগড়ত উপস্থিত হৈছিল।

ৰাজনৈতিক অস্থিৰতাৰ মাজতে পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিদ্ধুৰ কৌশলগত উপদেষ্টা প্ৰাক্তন ডিজিপি মুহাম্মাদ মুস্তাফাই কয় যে পাঞ্জাৱৰ বিধায়কসকলে চাৰে চাৰি বছৰৰ পিছত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ সুযোগ পাইছে।

অৰ্থাৎ, মুস্তাফাই অমৰিন্দৰ সিঙক এজন কংগ্ৰেছী বুলি স্পষ্টভাৱে অস্বীকাৰ কৰিছে। মুস্তাফাই কয় যে পাঞ্জাৱে ২০১৭ চনত কংগ্ৰেছক ৮০ জন বিধায়ক দিছিল। ততস্বত্ত্বেও কংগ্ৰেছীসকল আজিলৈকে মুখ্যমন্ত্ৰী হোৱা নাই। প্ৰায় চাৰে চাৰি বছৰত কেপ্টেইনে হৃদয়ৰ পৰা পঞ্জাৱ আৰু পাঞ্জাৱিয়াতৰ বেদনা বুজি নাপালে।

Exit mobile version