পাৱাৰ গ্লাইডাৰ দুৰ্ঘটনাত ভাৰতীয় নৌসেনাৰ ২ বিষয়াৰ মৃত্যু

পাৱাৰ গ্লাইডাৰ দুৰ্ঘটনাত ভাৰতীয় নৌসেনাৰ ২ বিষয়াৰ মৃত্যু

October 4, 2020 0 By NEWS DESK

ভাৰতীয় নৌসেনা বাহিনীৰ দুজন বিষয়াই ৰবিবাৰে পুৱা এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে, কেৰালাৰ কােচ্চিত নিয়মীয়া পাৱাৰ গ্লাইডাৰ উৰণৰ সময়তে কাৰিকৰী বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়।

ৰাতিপুৱা ৭ বজাত আই এন এছ গৰুড়াৰ পৰা উৰা মাৰিছিল লে. ৰাজীৱ ঝা (৩৯) আৰু পেটি অফিচাৰ সুনীল কুমাৰে (২৯)।

ঘটনাস্থলীৰ দৃশ্য

কিন্তু কাৰিকৰী বিজুতিৰ ফলত ভূপতিত হয় পাৱাৰ গ্লাইডাৰ।

তেওঁলােকক ততাতৈয়াকৈ নৌসেনাৰ চিকিৎসালয়ত ভৰ্তি কৰােৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।

উল্লেখ্য যে লে ৰাজীৱ ঝাৰ ঘৰ ডেৰাডুনত তথা সুনীল কুমাৰ বিহাৰৰ বাসিন্দা।

ঘটনাক লৈ বিভাগীয় তদন্তৰ ঘােষণা কৰিছে নৌসেনাই।