NEWS8 NE

পিতৃ-মাতৃক চোৱাচিতা কৰিবৰ বাবেই এৰিছিল চাকৰি, আজি তেওঁ ৩০০০ কোটি টকাৰ মালিক

নিউজ ডেস্ক। পেছাত তেওঁ এজন মেকানেকিল ইঞ্জিনিয়াৰ। সেই খণ্ডত তেওঁ কিছু কাম কৰি পৰৱৰ্তী সময়ত পুনৰ এম বি এৰ মাৰ্কেটিঙৰ শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ হয় এক টেলিকম বিভাগৰ মুখ্য বিষয়া। কিন্তু তাৰ পিছতো তেওঁ বিলাসপূৰ্ণ কৰ্পৰেট জীৱন ত্যাগ কৰে। তাৰ কাৰণ এটাই। পিতৃ-মাতৃক শুশ্ৰূষা। সেই উদ্দেশ্যেৰে বিদেশৰ পৰা চাকৰি এৰি ঘূৰি আহে স্বগৃহলৈ।

ইমান দেৰি যাৰ বিষয়ে কৈ থকা হৈছিল তেওঁৰ নাম হৈছে মেকানিকেল ইঞ্জিনিয়াৰ গিৰিশ ৰায়। তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত NRI ত কৰিছিল কাম। কিন্তু পিতৃ-মাতৃ আছিল ভাৰতত। তাৰ পৰা তেওঁ পিতৃ-মাতৃৰ সেৱা আগবঢ়াব পৰা নাছিল। মাজে মাজে স্বদেশলৈ আহি যায় যদিও পিতৃ-মাতৃক কৰিব নোৱাৰে পৰ্যাপ্ত সেৱা।

সেয়েহে তেওঁ তাত থাকিয়েই এটা পৰ্টেল আৰম্ভ কৰিছিল, যাৰ সহায়ত প্ৰবাসী সকলে নিজৰ পিতৃ-মাতৃক সদায় চাব পাৰে। আমেৰিকাতে তেওঁ বেংক প্ৰতিষ্ঠানতো কাম কৰিছিল। কিন্তু ২০০০-২০০২ চনত NRI ডাটাবেচৰ কাম কৰিছিল। তেওঁ বিনিয়োগ কৰা টকা পৰৱৰ্তী সময়ত লোকচান ভৰিবলগীয়া হয়। তাৰ পিছত তেওঁ স্বদেশলৈ ঘূৰি আহে।

তেওঁ বেংগালুৰুত ভিদাল হেলথ কেয়াৰ নামেৰে এক স্বাস্থ্য সেৱা প্ৰদানৰ কাম আৰম্ভ কৰিছিল। থাৰ্ড পাৰ্টী এচোছিয়েশ্যনৰ সৈতে লগ লাগি তেওঁ আৰম্ভ কৰিছিল সেই কাম। তেওঁক সেই কামত সহায় কৰিছিল টেলিকম আৰু ফিনটেক বিশেষজ্ঞ শংকৰ বালীয়ে তেওঁৰ সৈতে পৰিচালন সঞ্চালক হিচাপে যোগদান কৰি।

জানিব পৰা মতে, দেশত বাস কৰা বৃদ্ধ পিতৃ-মাতৃৰ বাবে স্বাস্থ্য সেৱাৰ লগতে বিদেশত থকা ভাৰতীয়সকলক সহায় কৰিবলৈ এই ব্যৱসায় আৰম্ভ কৰিছিল।

এই সম্পৰ্কত তেওঁ কয় এনেদৰে, “আমেৰিকাত বাস কৰা ভাৰতীয়সকলৰ বাবে ভাৰতত বাস কৰা তেওঁলোকৰ পিতৃ-মাতৃৰ যত্ন লোৱাত সমস্যা হয়। সঘনাই তেওঁলোকে ভাৰত ভ্ৰমণ কৰিবও নোৱাৰে। তেনেস্থলত মই বিদেশত থকা ভাৰতীয় আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ বাবে এটা সেৱা পৰ্টেল মুকলি কৰিছিলো।”

গিৰীশে এনআৰআই (NRI) ডাটাবেচ সৃষ্টি কৰিবলৈ কেইবাটাও মডেল প্ৰয়োগ কৰিছিল। ইয়াত বেংকৰ সৈতে কাম কৰাৰ পৰা আদি কৰি এটা কোম্পানী অধিগ্ৰহণ কৰালৈকে সকলো আছিল, যাৰ দ্বাৰা ইণ্টাৰনেট এক্সেছ অবিহনে প্ৰবাসী ভাৰতীয়সকলে তেওঁলোকৰ বৃদ্ধ পিতৃ-মাতৃলৈ শাৰীৰিকভাৱে ই-মেইল পোষ্ট কৰিছিল।

বৰ্তমানে, ভিদাল ভাৰতৰ শীৰ্ষ স্বাস্থ্যসেৱা ব্যৱস্থাপনা কোম্পানীবোৰৰ ভিতৰত অন্যতম। যিয়ে ভাৰতৰ ৮০০ তকৈও অধিক স্থানত কাম কৰে আৰু ১০,০০০ৰো অধিক সেৱা প্ৰদানকাৰীৰ সৈতে অংশীদাৰী। ইয়াৰ ভিতৰত আছে চিকিৎসালয়, ৰোগ নিৰ্ণয় পৰীক্ষাগাৰ আৰু চিকিৎসক। গিৰীশে দাবী কৰে যে ভিদালে প্ৰতি বছৰে ১০ লাখতকৈ অধিক দাবী আৰু আঠ লাখ প্ৰাক-অনুমোদনৰ অনুৰোধ নিষ্পত্তি কৰে। ই আনকি স্বাস্থ্য বীমাত ৩,০০০কোটি টকাৰ প্ৰিমিয়াম পৰ্টফলিঅ’ পৰিচালনা কৰে।

লগতে চাওকঃ

ক’ভিড-১৯ত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন, পিতৃ-মাতৃ-ভগ্নীও আক্ৰান্ত

ক’ভিড আক্ৰান্ত হৈ মৃত্যু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ, পূৰ্বে মৃত্যু ভাতৃৰাে

Exit mobile version