পিপিই কীট পিন্ধি নৃত্য প্ৰদৰ্শন অসমৰ চিকিৎসকৰ! ছুপাৰষ্টাৰ ঋত্বিক ৰৌছনৰ প্ৰতিক্ৰিয়া…

পিপিই কীট পিন্ধি নৃত্য প্ৰদৰ্শন অসমৰ চিকিৎসকৰ! ছুপাৰষ্টাৰ ঋত্বিক ৰৌছনৰ প্ৰতিক্ৰিয়া…

October 19, 2020 0 By NEWS DESK

দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ।

কৰ’ণা বিৰোধী যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দি আহিছে দেশৰ চিকিৎসক সকলে।

আনকি কৰ’ণা আক্ৰান্ত ৰোগী এজন যাতে মানসিকভাৱে ভাঙি নপৰে তাৰ কাৰণেও চিকিৎসকসকলে কৰি গৈছে বিভিন্ন মনোৰঞ্জন মূলক কাম।

ঠি্ক তেনেকৈয়ে ৰোগীক মনোৰঞ্জন দিবলৈ পিপিই কীট পিন্ধি নৃত্য প্ৰদৰ্শন কৰি ভাইৰেল হৈ পৰিছে অসমৰ এগৰাকী চিকিৎসক।

আনকি চিকিৎসক গৰাকীয়ে বলীউডৰ ছুপাৰষ্টাৰ ঋত্বিক ৰৌছনৰ পৰাও প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

ঋত্বিক ৰৌছনৰ ‘ঘুংগুৰু’ গানত নৃত্য প্ৰদৰ্শন কৰিছিল শিলচৰ মেডিকেল কলেজৰ কাণ, নাক আৰু ডিঙিৰ বিশেষজ্ঞ ডঃ অৰূপ সেনাপতিয়ে।

সেই ভিডিঅ’ টুইটাৰত আপলোড হোৱাৰ পাছতে বলীউড অভিনেতা ঋত্বিক ৰৌছনে ভিডিঅ’টো ৰীটুইট কৰে।

ঋত্বিক ৰৌছনে লিখিছে- ‘ডঃ অৰূপক জনাব যে মই তেওঁ কৰা নৃত্য শৈলী শিকি তেওঁৰ দৰে নিপুনভাৱে নৃত্য প্ৰদৰ্শন কৰিম।’