পি এম কেয়াৰ ফাণ্ডৰ হিচাপ ! উচ্চতম ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়দান…

পি এম কেয়াৰ ফাণ্ডৰ হিচাপ ! উচ্চতম ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়দান…

August 18, 2020 0 By NEWS DESK

পি এম কেয়াৰ ফাণ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ কোষত পি এম কেয়াৰ ফাণ্ডৰ সকলো ধন হস্তান্তৰিত কৰাক লৈ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিব।

ন্যায়মূৰ্তি অশোক ভূষণ, সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহ গঠিত ৩জনীয়া বিচাৰপীঠৰ ৰায়দানত কোৱা হয় যে, দেশৰ দুৰ্যোগ প্ৰশমনৰ কামত আপোনা আপুনি এই ফাণ্ডৰ ধন ব্যৱহৃত হ’ব। গতিকে এই ধনৰাশি পুনৰ দুৰ্যোগ প্ৰশমন কোষত জমা কৰাৰ প্ৰয়োজন নাই।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্ত প্ৰশান্ত ভূষণে কৰা আবেদনৰ ভিত্তিতে এই ৰায়দান প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।

আবেদনত অধিবক্তগৰাকীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ কোষত পি এম কেয়াৰ ফাণ্ডৰ সকলো ধন হস্তান্তৰিত কৰাৰ লগতে এই ধনখিনিৰে মহামাৰীৰ সৈতে যুঁজিবলৈ এখন আচনি প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰিছিল।

ন্যায়ালয়ে এই বিষয়টো খাৰিজ কৰি কয়, বৰ্তমান সময়ত নতুন কোনো দুৰ্যোগ প্ৰশমন আঁচনিৰ আৱশ্যকতা নাই।

উল্লেখ্য যে, এই আবেদনক লৈ বিগত ২৭জুলাইত ৰায়দান স্থগিত কৰি ৰাখিছিল ন্যায়ালয়ে।