পুনৰ অসম গণ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল অতুল বৰা !

পুনৰ অসম গণ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল অতুল বৰা !

August 27, 2020 0 By NEWS DESK

পুনৰ অসম গণ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল অতুল বৰা।

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে অতুল বৰা।

অতুল বৰাৰ বিৰুদ্ধে কোনেও দাখিল কৰা নাছিল মনোনয়ন পত্ৰ।

আমবাৰীত অনুষ্ঠিত হৈছিল অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা।

পূৰ্ব নিৰ্ধাৰিত পৰিকল্পনা অনুসৰিয়েই ৩ বছৰলৈ অগপৰ নেতৃত্ব অতুল বৰাৰ হাতত।

আনহাতে কেশৱ মহন্ত পুনৰ নিৰ্বাচিত হৈছে কাৰ্যকৰী সভাপতি হিচাপে।

সাধাৰণ সম্পাদক পদত মনোজ শইকীয়া।

সাংগঠনিক সম্পাদকৰ দায়িত্বত সত্যব্ৰত কলিতা।

উল্লেখ্য যে, অসম গণ পৰিষদৰ সভাপতি নিৰ্বাচনক লৈ চলিছিল ব্যাপক চৰ্চা।