NEWS8 NE

পুনৰ ঘােচকাণ্ড! ১੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক, দেহৰক্ষী…

নিউজ ডেস্ক। পুনৰ কলংকিত হ’ল খাকী পােছাক।

এইবাৰ মধ্যভােগীৰ জৰিয়তে ঘােচ লৈ দুৰ্নীতি নিবাৰক হাতত ধৰা পৰিল এগৰাকী আৰক্ষী চক্ৰ পৰিদৰ্শকৰ লগতে তেওঁৰ দেহৰক্ষীও।

দুৰ্নীতি নিবাৰক জালত পৰিল দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত আৰু তেওঁৰ দেহৰক্ষী দিগন্ত বৰুৱা।

জানিব পৰা মতে, দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ১০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰা পেলাই অচ্যুত দত্ত আৰু দিগন্ত বৰুৱাক।

সম্প্ৰতি বিষয়াগৰাকীৰ কাৰ্যালয়তে দুয়ােজনকে জেৰা চলাইছে ভিজিলেন্সৰ দলে।

উল্লেখ্য যে, ৰাজ্যত বিগত কিছু দিনত ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে কেইবাগৰাকীও চৰকাৰী বিষয়া আৰু কৰ্মচাৰী।

চৰকাৰী দৰমহাৰ উপৰিও দুটকা অধিক উপাৰ্জনৰ আশাত ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে বহু কেইজন চৰকাৰী বিষয়া-কৰ্মচাৰী।

Exit mobile version