Site icon NEWS8 NE

পুনৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শিশুৰ মৃত্যু, ১২ দিনে ICU ত থাকি মৃত্যু হ’ল ৭ বছৰীয়া জিতুলৰ…

নিউজ ডেস্ক। মাৰাত্মক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ পুনৰ প্ৰাণ গ’ল এটি নিষ্পাপ শিশুৰ।

সুদীৰ্ঘ ১২ দিনে চিকিৎসালয়ৰ ICU ত ছটফটাই মৃত্যুবৰণ জিতুল ৰাভা নামৰ এগৰাকী ৭ বছৰীয়া কণমানিৰ।

মৃত শিশুটি ওদালগুৰিৰ বাসিন্দা হ’লেও অস্থায়ীভাৱে পিতৃৰ সৈতে আমিনগাঁৱত বাস কৰিছিল।

জানিব পৰা মতে, আমিনগাঁৱৰ ইষ্ট কলনীত ভাৰাতীয়া হিচাপে থকা ওদালগুৰি জিলাৰ জিতেন্দ্ৰ ৰাভাৰ সাত বছৰীয়া পুত্ৰ জিতুল ৰাভা প্ৰায় দুসপ্তাহ পূৰ্বে জাপানী এনকেফেলাইটিছত আক্রান্ত হৈছিল।

ইয়াৰ পিছতে শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল।

কিন্তু সুদীৰ্ঘ ১২ দিন ধৰি চিকিৎসালয়ৰ বিছনাত ছটফটাই অৱশেষত মৃত্যুৰে হাৰ মানিলে শিশুটিয়ে।

শিশুটিৰ মৃত্যুক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে গভীৰ শােকৰ।

Exit mobile version