NEWS8 NE

পুনৰ বিভাজিত হ’ব নেকি অসম? অসম-পশ্চিম বংগক সামৰি নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ দাবী অমিত শ্বাহৰ ঘনিষ্ঠ কােচ নেতাৰ, তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ অসম আৰু পশ্চিমবংগৰ মাজত গঠন হ’ব এখন পৃথক নতুন ৰাজ্য! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কোচ নেতা অনন্তৰায় মহাৰাজৰ এই দাবীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। এক সংবাদমেল যোগে কোচ নেতাগৰাকীয়ে দাবী কৰা মতে, অসমৰ ৬ খন আৰু পশ্চিমবংগৰ ৭ খন জিলাৰে গঠন হ’ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই কেন্দ্ৰীয় শাসিত ৰাজ্যখন গঠনৰ বাবে যাৱতী প্ৰস্তুতি চলাইছে বুলিও দাবী কৰে অনন্তৰায় মহাৰাজে। তেওঁ লগতে প্ৰকাশ কৰা মতে, শীঘ্ৰেই অংশীদাৰ সকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰহে বাকী।

পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বাবে আন্দোলন কৰি অহা অন্যতম কোচ নেতা অনন্তৰায় মহাৰাজৰ দাবী অনুসৰি, আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰিবলগীয়া কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ অন্তৰ্ভূক্ত হ’ব অসমৰ ধুবুৰী, কোকঝাৰা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা কেইখন। তদুপৰি পশ্চিম বংগৰ মালদাহ, উত্তৰ দিনাশপুৰ, দক্ষিণ দিনাশপুৰ, দার্জিলিং, জলপাইগুৰি, আলিপুৰ, কোচবিহাৰ জিলাৰ অন্তৰ্ভূক্তিৰে মুঠ ১৩ খন জিলাৰে গঠন হ’ব এই পৃথক ৰাজ্য।

অসম আৰু পশ্চিমবংগৰ মাজত সংযোজন ঘটিবলগীয়া এই নতুন কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ গঠনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই সন্মতি জনোৱা বুলি দাবী কৰে অনন্তৰায় মহাৰাজে। এই সন্দৰ্ভত এতিয়ালৈকে অসম চৰকাৰৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কথা পতা নাই যদিও শীঘ্ৰে আলোচনা সম্পন্ন হ’ব বুলিও দাবী কৰে অমিত শ্বাহৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কোচ নেতাগৰাকীয়ে।

উল্লেখ্য যে, ১৯৯৮ চনৰ পৰাই বিভিন্ন দল-সংগঠনে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী জনাই আহিছে। ইয়াৰ বাবে জন্ম হৈছে কেএলঅ’ৰ দৰে সশস্ত্ৰ সংগঠনৰো। অৱশ্যে শেহতীয়াকৈ কেএলঅ’ৱে শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

তেনে পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় চৰকাৰে এই পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনৰ বাবে আগবাঢ়িছে নেকি, তাক লৈও এতিয়া চৰ্চা হৈছে।

Exit mobile version