Site icon NEWS8 NE

পুনৰ মুকলি আকাশৰ তলত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ৩ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী…

নিউজ ডেস্ক। পুনৰ মুকলি আকাশৰ তললৈ আহিল উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত হাতে-লােটে গ্ৰেপ্তাৰ হােৱা ৩ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী।

দুৰ্নীতি নিবাৰক শাখৰ অভিযানত গ্ৰেপ্তাৰ বৰণ কৰা এজন আবকাৰী অধীক্ষকৰ লগতে উপায়ুক্ত কাৰ্যালয়ৰ এজন উপ-পঞ্জীয়ক আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলে লাভ কৰিলে জামিন।

এই তিনি বিষয়া-কৰ্মচাৰীসকল হৈছেঃ মৰিগাঁও জিলাৰ আবকাৰী বিষয়া বৰষা বৰা বৰদলৈ, তামুলপুৰৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী গোপীনাথ দাস আৰু মণ্ডল লাচিত ফুকন।

উল্লেখ্য যে, ২৯ জুলাইত জাগীৰোডৰ এজন ব্যৱসায়ীৰ পৰা দাবী কৰা এক লাখ টকাৰ প্ৰথম কিস্তিৰ ২০ হাজাৰ টকাৰ ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে কৰায়ত্ত কৰিছিল দুৰ্নীতিগ্ৰস্ত আবকাৰী বিষয়া বৰষা বৰা বৰদলৈক।

চাকৰিৰ অৱসৰলৈ মাজত আৰু কেইটামান মাহ বাকী থকা অৱস্থাত এনেদৰে ঘোচ লৈ ধৰা পৰিছিল বিষয়াগৰাকী।

সেইদৰে ১১ আগষ্টত ঘোচ লোৱাৰ সময়তে হাটে লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল তামুলপুৰৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী গোপীনাথ দাস।

Exit mobile version