পুনৰ সম্প্ৰচাৰিত হ’ব ‘বেগমজান’! উচ্চ ন্যায়ালয়ৰ অনুমতি

পুনৰ সম্প্ৰচাৰিত হ’ব ‘বেগমজান’! উচ্চ ন্যায়ালয়ৰ অনুমতি

September 4, 2020 0 By NEWS DESK

বিতৰ্কৰ কেন্দ্ৰ হৈ পৰা ‘বেগমজান’ নামৰ ধাৰাবাহিক পুনৰ দেখা পাব টিভিৰ পৰ্দাত!

উল্লেখ্য যে উক্ত ধাৰাবাহিকৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি একাংশ লােকে অভিযােগ উত্থাপন কৰিছিল।

আনকি ধাৰাবাহিকৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ শৰণাপন্ন হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

এই সম্পৰ্কত আদালতত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত ৰুজু হোৱা ডব্লিউ পি চি ৩৪১৩/২০ নম্বৰৰ গোচৰৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰে ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে।

আদালতত এম এম টেলিভিশ্বন লিমিটেডৰ হৈ অধিবক্তাই আশ্বাস দিয়ে যে বিতৰ্কৰ আৱৰ্তলৈ অহা ধাৰাবাহিক ‘বেগমজান’ত ধৰ্মীয় অনুভুতিক আঘাত হানিব পৰা যদি কোনো ধৰণৰ দৃশ্যাংশ থাকে, সেয়া কৰ্তন কৰা হ’ব।

আদালতে এই সম্পৰ্কত পৰ্যবেক্ষণ কৰা হ’ব বুলিও কয় নিৰ্দেশনাটোত।

লগতে ধাৰাবাহিকৰ সম্প্ৰচাৰৰ অনুমতি প্ৰদান কৰে।