পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও, অথচ সন্তান প্ৰসৱ কৰে মহিলাই ! কেনেকৈ?

পুৰুষৰ প্ৰৱেশ নিষিদ্ধ এখন গাঁও, অথচ সন্তান প্ৰসৱ কৰে মহিলাই ! কেনেকৈ?

October 14, 2020 0 By NEWS DESK

এখন আচৰতি গাঁও। য’ত সম্পূৰ্ণৰূপে নিষিদ্ধ পুৰুষ।

কিন্তু আশ্চৰ্যজনকভাৱে পুৰুষ অবিহনে সন্তান প্ৰসৱ কৰে গাঁৱখনৰ মহিলাই।

আপোনাৰ অকল্পনীয় কথা যেন লাগিছে যদিও এয়াই সত্য।

কেনিয়াৰ এই বিশেষ গাঁৱখনৰ নাম হ’ল ‘উমোজা।

Image

বাতৰি সংস্থা ডেইলী হাণ্টৰ এক প্ৰতিবেদন মতে, ১৯৯০ চনত ১৫গৰাকী আদিবাসী মহিলাক ব্ৰিটিছ সেনাই ধৰ্ষণ কৰে।

ইয়াৰ পিছতে উক্ত ১৫গৰাকী মহিলাই উমোজা নামৰ গাঁওখনত বাস কৰিবলৈ লয় আৰু গাঁওখনত নিষিদ্ধ কৰে পুৰুষৰ প্ৰৱেশ।

Image

ইপিনে গাৰ্হস্থ্য হিংসা, বাল্য বিবাহ, যৌন নিৰ্যাতন আদি বিভিন্ন কাৰণত নাৰী নিৰ্যাতনৰ সন্মুখীন হোৱা আন মহিলায়ো গাঁওখনলৈ আহি আশ্ৰয় লয়।

এনেদৰেই আজিকোপতি চলি আহিছে গাঁওখন। য’ত বৰ্তমান সদস্যৰ সংখ্যা হৈছে ২৫০ জন।

Image

কিন্তু বিস্ময়কৰ কথাটো হৈছে গাঁৱখনৰ মহিলাসকলে কেনেকৈ জন্ম দিয়ে সন্তান?

Image

দৰাচলতে ‘উমোজা’ নামৰ গাঁওখনত আহে নাৰী স্বাধীনতাৰ প্ৰসংগ। য’ত নাৰীয়ে স্বাধীনভাৱে নিৰ্বাচন কৰে পুৰুষ।

Image

গাঁৱখনৰ মহিলাসকলে নিজৰ মনৰ ইচ্ছা মতে গাঁওখনৰ বাহিৰলৈ গৈ মন পছন্দৰ পুৰুষক সংগী ৰূপে নিৰ্বাচন কৰে, শাৰীৰিক প্ৰয়োজন পূৰণ কৰে আৰু সন্তান ধাৰণ কৰে।

Image

আনহাতে গাঁওখনত মহিলাসকলে সাজিছে স্কুল, সাংস্কৃতিক কেন্দ্র। জনগোষ্ঠীয় গহনা-গাঠৰি, সাজ-পোছাক বা আন স্থানীয় উপাদনৰ পৰিচয়েৰে গাঁওবাসীৰ আছে এটা নিজা ৱেবছাইটো।

Image

গাঁওখনত সুনন্দৰকৈ গঢ় দিয়া হৈছে এক সাংস্কৃতিক পৰিকাঠামো।