Site icon NEWS8 NE

পূৰণ হ’ল ইচ্ছা! দেশলৈ আহি মীৰাবাই চানুৱে হেঁপাহেৰে খালে পিজা…

নিউজ ডেস্ক। যেতিয়া তেওঁ চলিত টকিঅ’ অলিম্পিকত জয় লাভ কৰিছিল। তেতিয়া তেওঁক সোধা হৈছিল যে তেওঁ দেশত গৈ কি কৰিব। আৰু তেতিয়া তেওঁ উত্তৰত কৈছিল যে তেওঁ বহুদিন পিজা খোৱা নাই।

সেয়েহে তেওঁ দেশলৈ আহি হেঁপাহেৰে পিজা খাব। অৱশেষত তেওঁৰ আশা পূৰণ হ’ল।

সোমবাৰে নতুন দিল্লীত টকিঅ’ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চানু চাইখোম মীৰাবাইক সম্বৰ্ধনা জনোৱাৰ বাবে এক অনুষ্ঠান আয়োজন কৰা হৈছিল।

সেই অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুকে আদি কৰি অনুৰাগ ঠাকুৰ উপস্থিত আছিল। আৰু তাৰকা মহিলা ভাৰোত্তোলক গৰাকীক সম্বৰ্ধনা জনোৱাৰ পিছতেই তেওঁলোকক মীৰাবাই চানুৰ সৈতে এক পিজ্জা পাৰ্টি উপভোগ কৰা দেখা গৈছিল।

চানুৱে শনিবাৰে টকিঅ’ অলিম্পিকত অনুষ্ঠিত মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰি ভাৰোত্তোলনত ভাৰতৰ ২১ বছৰীয়া এটা খালী ঠাই পূৰণ কৰে।

উল্লেখ্য যে যোৱা কেইমাহমান ধৰি ২৬ বছৰীয়া চেম্পিয়ন ভাৰোত্তোলক গৰাকীয়ে শো-পিচ ইভেণ্টৰ আগৰ পৰা কঠোৰ আহাৰ গ্ৰহণ কৰি আহিছে।

ৰূপৰ পদক জয় কৰাৰ পিছত মীৰাবাইয়ে দিয়া এক সাক্ষাৎকাৰত কৈছিল, “মই বহু দিনৰ পৰা পিজ্জাও খোৱা নাই।”

এই কথা মন কৰি আমেৰিকান বহুজাতিক পিজ্জা ৰেষ্টুৰেণ্ট চেইন, ডমিনোজ ইণ্ডিয়াই মীৰাবাইক গোটেই জীৱনৰ বাবে বিনামূলীয়া পিজ্জা আগবঢ়ায়। টুইটাৰৰ জৰিয়তে ডমিনোজ ইণ্ডিয়াই কয় “আমি কেতিয়াও নিবিচাৰো যে মীৰাবাই চানুৱে পুনৰ পিজ্জা খাবলৈ অপেক্ষা কৰক। সেয়েহে আমি তেওঁক আজীৱন বিনামূলীয়া ডমিনোজ পিজ্জা যোগানৰ ব্যৱস্থা কৰিছো!”

মীৰাবাইৰ অলিম্পিকলৈ আৱেগিক যাত্ৰা সমগ্ৰ বিশ্বৰ খেলুৱৈসকলৰ বাবে এক অনুপ্ৰেৰণা। ৰিঅ’ অলিম্পিক-২০১৬ ৰ পিছৰে পৰা তেওঁ বিধ্বংসী প্ৰদৰ্শনেৰে সেই যাত্ৰাত আৰোহণ কৰিছিল।

তেওঁ বহু হতাশাৰ সৈতে যুঁজিছিল। আৰু এই বছৰ ক্লিন এণ্ড জাৰ্কত তেওঁ এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। আৰু অৱশেষত টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিবলৈয়ো সক্ষম হয়।

ইপিনে, নতুন দিল্লীৰ পৰা বিমানেৰে ইম্ফ’লত অৱতৰণ কৰিলে চানুৱে। বিমানবন্দৰত বিপুলভাৱে আদৰণী জনােৱা হ’ল অলিম্পিকত পদক জয়ী চানুক। ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে নিজে ফুলৰ থােপাৰে উষ্ম আদৰণী জনালে মীৰাবাঈ চানুক।

উল্লেখনীয় যে অলিম্পিক বিজয়ী মীৰাবাই চানুক ৰেল মন্ত্ৰী অস্বিনী বৈষ্ণৱে পদোন্নতি সহ ২ কোটি টকাৰ পুৰস্কাৰ দিয়ে। আনহাতে মণিপুৰ চৰকাৰে তেওঁক ১ কোটি টকা সহ এতিয়া মণিপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়ে।

Exit mobile version