পূৰ্বতে কংগ্ৰেছ দলৰ চৰকাৰে ব্যক্তিগতকৰণ কৰিছিল দেশৰ একাধিক বিমানবন্দৰঃ ৰূপম গােস্বামী

পূৰ্বতে কংগ্ৰেছ দলৰ চৰকাৰে ব্যক্তিগতকৰণ কৰিছিল দেশৰ একাধিক বিমানবন্দৰঃ ৰূপম গােস্বামী

August 25, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে গুৱাহাটী বিমানবন্দৰকে ধৰি দেশৰ কেবাখনাে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণৰ বাবে লোৱা সিদ্ধান্তক অসম ৰাজিক বিজেপিয়ে আদৰণি জনাইছে।

ইপিনে, কংগ্ৰেছ দলে এই সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে।

ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে এক সংবাদমেলত কয় যে গুৱাহাটী বিমান বন্দৰক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ অংশীদাৰিত্বৰে (পি পি পি) কিছু নিৰ্দিষ্ট কামৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লৈছে।

ইয়াৰ জৰিয়তে বিমান বন্দৰটো সামগ্ৰিকভাৱে বিশ্বমানৰ বিমান বন্দৰলৈ উন্নীত হোৱাৰ লগতে গুণগত সেৱাও আগবঢ়াবলৈ সক্ষম হ’ব বুলি তেওঁ সদৰী কৰে।

গোস্বামীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এনে এক সুন্দৰ পদক্ষেপক কিছুমান মনেসজা ভিত্তিহীন অভিযোগেৰে কংগ্ৰেছ দলে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

গোস্বামীয়ে আৰু কয় যে বিমান বন্দৰটোৰ টাৰ্মিনেল আৰু পৰ্যটকৰবাবে থকা অন্যান্য সা-সুবিধাসমূহ ব্যক্তিগত অংশীদাৰিত্বৰে উন্নীত কৰিব বিচৰাটো বিমান বন্দৰটো সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰিব বিচৰা নুবুজায় বিমান বন্দৰটোৰ ৰাণৱে আৰু ট্ৰেফিক নিয়ন্ত্ৰণৰ ব্যৱস্থা এতিয়াও পূৰ্বৰ দৰে ভাৰতীয় বিমান প্ৰাধিকৰণৰে অধীনত থাকিব।

আনহাতে, ইয়াৰপৰা যি ৰাজহ আদায় হ’ব, সেয়া ভাৰতীয় বিমান বন্দৰৰ প্ৰাধিকৰণে অসমৰ লগতে ভাৰতৰ ভিন্ন চহৰ-নগৰত থকা সৰু সৰু বিমানবন্দৰসমূহৰ সামগ্ৰিক উন্নয়ন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব।

গোস্বামীয়ে কয় যে কংগ্ৰেছ চৰকাৰে দিল্লী আৰু মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ দুটাক একে পদ্ধতিৰে জি এম আৰ আৰু জি ভি কে কোম্পানী দুটাৰ হাতত অৰ্পণ কৰিছিল।