পূৰ্বৰ ছাত্ৰীসকলক স্কুটী দিবলৈ হ’লে পেট্ৰ’লত ১ টকাকৈ কৰ বৃদ্ধি কৰিব লাগিবঃ হিমন্ত

পূৰ্বৰ ছাত্ৰীসকলক স্কুটী দিবলৈ হ’লে পেট্ৰ’লত ১ টকাকৈ কৰ বৃদ্ধি কৰিব লাগিবঃ হিমন্ত

August 25, 2020 0 By NEWS DESK

ৰিপ’ৰ্টঃ নিউজ ডেক্স। শেহতীয়াভাৱে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মাজত ব্যাপকভাৱে চৰ্চিত হৈছে ৰাজ্য চৰকাৰৰ স্কুটীৰ বিষয়টাে।

বিগত শিক্ষাবৰ্ষত ভাল ফলাফল দেখুওৱা ছাত্ৰীসকলে স্কুটীৰ পৰা বঞ্চিত হৈ শিক্ষা বিভাগৰ মুকলিকৈ সমালােচনা কৰিছে।

এই ঘটনাৰ বাবে প্ৰকৃততে দায়ী কােন?

তদানীন্তন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভুলৰ বাবে ৰাজ্যৰ বহুসংখ্যক ছাত্ৰীয়ে স্কুটীৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল নেকি?

ইয়াৰেই যেন এক ইংগিত প্ৰদান কৰিলে বৰ্তমানৰ শিক্ষামন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষা মন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কাৰ্যকালত ছাত্ৰীসকলক স্কুটী নিদিয়াৰ সিদ্ধান্ত তেওঁ নিজেই গ্ৰহণ কৰিছিল।

সকলো মন্ত্ৰীয়ে নিজা সিদ্ধান্ত গ্ৰহণ কৰাৰ কৰ্তৃত্ব থাকে আৰু সেই অনুসৰি চাইকেল প্ৰদান কৰিব বুলি ঘোষণা কৰা তদানীন্তন শিক্ষা মন্ত্ৰীগৰাকীয়ে স্কুটীৰ বাবে থকা ধন চাইকেল ক্ৰয়ত ব্যয় কৰিছিল।

অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীক চাইকেল দিয়াত ধন ব্যয় কৰাৰ বাবেই ছাত্ৰীসকলে স্কুটী লাভ নকৰিলে।

এতিয়া পূৰ্বৰ ছাত্ৰীসকলকো স্কুটী দিবলৈ হ’লে পেট্ৰ’লত পুনৰ ১ টকাকৈ কৰ বৃদ্ধি কৰিব লাগিব।

বঞ্চিত ছাত্ৰীসকলৰ বিষয়টো চৰকাৰে পৰ্যালোচনা কৰি আছে বুলি ড. শৰ্মাই কয়।