NEWS8 NE

প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ গৈ অৰুণাচলত মৃত্যু অসমৰ ৪ বন্ধুৰ, শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ নৈসৰ্গিক প্ৰকৃতিৰ মাজত কিছু মুহূৰ্ত পাৰ কৰিবলৈ গৈ চিৰদিনৰ বাবেই হেৰাই থাকিল ৪ বন্ধু।

অসমৰ ৪ ৰাইডাৰ বন্ধুৰ মৃতদেহ অৰুণাচল প্ৰদেশৰ ছেছা-ডিৰাং পথৰ পাহাৰৰ নামনিত উদ্ধাৰ হোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে তেওঁলোকৰ পৰিয়াল।

জানিব পৰা মতে, যোৱা ১৮ জুলাইত অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বাবে গৈছিল অসমৰ ৪ ৰাইডাৰ বন্ধু।

নগাঁও চহৰৰ লাওখোৱা পথৰ বেদান্ত বৰমহেলা (৩০), কন্দলিৰ নয়ন বসুমতাৰী (৩০), তেজপুৰৰ সঞ্জীৱ দাস (৩৪) আৰু সোণাপুৰৰ হীৰক বড়োই (৩২) এএছ ০১ বিপি ০৬৫০ নম্বৰৰ এখন ভক্সৱাগন গাড়ীৰে আৰম্ভ কৰিছিল যাত্ৰা।

অৰুণাচল প্ৰদেশৰ ছেছা-ডিৰাং পথৰ পৰা ১৯ জুলাইত শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে কথা পাতিছিল যুৱক কেইজনে। আৰু তাৰ পিছতে তেওঁলোক সন্ধানহীন হৈ পৰে।

যুৱক কেইজন সন্ধানহীন হৈ পৰাত হাহাকাৰ লাগে পৰিয়ালৰ মাজত।

এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়েও আৰম্ভ কৰে যুৱক কেইজনৰ সন্ধান অভিযান। যাৰ ফলত ৩ দিনৰ অন্তত পাহাৰৰ নামনিত সিঁচৰিত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ হয় ৪ বন্ধুৰ মৃতদেহ।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান চলাই কুঁৱলী আৰু বৰষুণৰ বাবে ছেছা-ডিৰাং পথৰ পাহাৰীয়া দুৰ্গম পথৰ পৰা পৰি যুৱক কেইজনৰ মৃত্যু ঘটাৰ সন্দেহ কৰিছে।

অৱশ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে।

যুৱক কেইজনৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে পৰিয়াল আৰু অঞ্চলবাসীক।

ৰাইডিং কৰি ভাল পোৱা ৪ বন্ধুৰ এই কৰুণ মৃত্যুক সহজভাৱে ল’ব পৰা নাই তেওঁলোকৰ পৰিয়ালে।

লগতে চাওকঃ

ভাল খবৰ! CBSE ৰ দশম শ্ৰেণীৰ ফলাফলত দেশজুৰি দ্বিতীয় স্থানত অসমৰ লােচনা…

Exit mobile version