NEWS8 NE

প্ৰখ্যাত গায়ক-সুৰকাৰ বাপ্পী দা আৰু নাই!

নিউজ ডেস্ক। একেটা মাহতে খহি পৰিল সংগীত জগতৰ আন এটা ভোটাতৰা! লতা মংগেশকাৰ আৰু সন্ধ্যা মুখাৰ্জীৰ পিছত এইবাৰ চিৰবিদায় ল’লে বাপ্পী দাই!

প্ৰখ্যাত গায়ক-সুৰকাৰ লহৰীয়ে বুধবাৰে পুৱা মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ খবৰ চিকিৎসালয়ৰ চিকিৎসকে নিশ্চিত কৰিছে।

বাপ্পী দা নামেৰে জনাজাত, তেওঁ সোণৰ প্ৰতি থকা আকৰ্ষণৰ বাবে যিমান পৰিচিত আছিল সিমানেই তেওঁৰ হিট গীতৰ বাবেও পৰিচিত আছিল।

বাপ্পী লহৰীয়ে ডিস্কো ডান্সাৰ, হিম্মতৱালা, চৰাবী, এডভেঞ্চাৰছ অফ টাৰ্জান, ডান্স ডান্স, সত্যমেৱ জয়তে, কমাণ্ডো, আজ কে শ্বাহেনশ্বাহ, থানেদাৰ, নুম্বৰী আদমী, ছোলা ঔৰ ছবনম আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰি খ্যাতি অৰ্জন কৰিছিল। গায়ক-সুৰকাৰ গৰাকীৰ প্ৰথম বলীউড হিট ছবি আছিল আমিৰ খানৰ পিতৃ তাহিৰ হুছেইনৰ জখমী।

বাপ্পী লহৰীয়ে তেওঁৰ জীৱনৰ অন্তিমটো গীত ২০২০ চনত মুক্তিলাভ কৰা “বাগী ৩” চলচ্চিত্ৰৰ বাবে ৰচনা কৰিছিল।

উল্লেখ্য যে, যোৱা বছৰ শিল্পীগৰাকী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

বাপ্পী লহৰীৰ ‘আই এম এ ডিস্ক’ ডান্সৰ’ শীৰ্ষক গীতটোৱে ৯০ৰ দশকত অভূতপূৰ্ব সমাদৰ লাভ কৰিছিল। এই গীতটো আজিও সিমানেই হিট।

শিল্পী গৰাকীৰ সোনৰ প্ৰতি থকা আকৰ্ষণৰ বাবে বলিউডত ‘গোল্ডেন লহৰী’ বুলিও পৰিচিত আছিল। তেওঁ ডিঙিত আৰু হাতত যথেষ্ট পৰিমাণৰ সোনৰ গহনা পৰিধান কৰা দেখা গৈছিল।

Exit mobile version