প্ৰতিদিনে গোমূত্ৰ পান কৰে বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে!

প্ৰতিদিনে গোমূত্ৰ পান কৰে বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে!

September 11, 2020 0 By NEWS DESK

মেন ভাৰ্ছেছ ৱাইল্ডৰ জৰিয়তে বিশ্বজুৰি জনপ্ৰিয় হোৱা বীয়েৰ গ্ৰিলছ আৰু হুমা কুৰেশ্বিৰ সৈতে হোৱা এক লাইভ ইষ্টাগ্ৰাম সাক্ষাৎকাৰত বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে প্ৰতিদিনে গোমূত্ৰ পান কৰে বুলি মন্তব্য প্ৰকাশ কৰে।

অভিনেতা গৰাকীয়ে আয়ুৰ্বেদিক কাৰণতে প্ৰতিদিনে গোমূত্ৰ গ্ৰহণ কৰে বুলিও লগতে মন্তব্য কৰে।

চাওক, সেই ইন্ষ্টাগ্ৰাম বাৰ্তাঃ

‘ইনটু দ্যা ৱাইল্ড’ত গ্ৰিলছে কেনেদৰে অক্ষয় কুমাৰক হাতীৰ বিষ্ঠাৰ চাহ খাবলৈ সন্মত কৰালে বুলি হুমা কুৰেশ্বিয়ে সোধা এক প্ৰশ্নৰ উত্তৰত অক্ষয় কুমাৰে হাতীৰ বিষ্ঠাৰ চাহ গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ আছিল বুলি জনায় আৰু তেওঁ প্ৰতিদিনে গোমূত্ৰ গ্ৰহণ কৰে বুলি কয়।

উল্লেখযোগ্য যে, অক্ষয় কুমাৰে অলপতে বীয়েৰ গ্ৰিলছৰ সৈতে ‘ইনটু দ্যা ৱাইল্ড’ত একেলগে ভুমুকি মাৰিছিল।