NEWS8 NE

প্ৰতিযােগিতাত অংশ ল’বলৈ আহি নংপোত পথ দুর্ঘটনাত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ টি টি খেলুৱৈৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

সুদূৰ তামিলনাডুৰ পৰা মেঘালয়ৰ শ্বিলঙলৈ টেবুল টেনিছ প্ৰতিযােগিতাত অংশ ল’বলৈ আহি কৰুণ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিটি খেলুৱৈ দীনদয়ালন বিশ্বৰ।

জানিব পৰা মতে, গুৱাহাটী বিমানবন্দৰৰ পৰা এখন চুইফ্ট ডিজায়াৰ টুৰিষ্ট টেক্সীত উঠি মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ যাত্ৰা কৰাৰ পথতে নংপোত দুৰ্ঘটনাত পতিত হয় বাহনখন।

শ্বিলঙত অনুষ্ঠিত ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ প্রতিযোগিতাত অংশ লোৱাৰ বাবে দীনদয়ালন বিশ্বৰ লগতে আন তিনিজন খেলুৱৈ স’তে গুৱাহাটী বিমান বন্দৰৰ পৰা শ্বিলঙলৈ বুলি যাত্ৰা কৰিছিল।

যাত্ৰাপথতে ছাংবাংলা ৰিভয় অঞ্চলত ক্লিংকাৰ কঢ়িওৱা ১২ চকীয়া এখন ট্রাকে পিচফালৰ পৰা খুন্দা মৰাৰ ফলতেই এই শোকাৱহ দুর্ঘটনাটো ঘটে।

নংপো হাস্পতাললৈ নিয়াৰ পথত দীনদয়ালন বিশ্ব নামৰ খেলুৱৈজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন চিকিৎসাধীন খেলুৱৈৰ অৱস্থা সুস্থিৰ আৰু বিপদমুক্ত বুলি জানিব পৰা গৈছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰতিভাসম্পন্ন খেলুৱৈগৰাকীৰ এনে অকাল মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

মেঘালয় টেবুল টেনিছ এছ’’চিয়েচনৰ উপ-সভাপতি পি মাৰাক আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ চৌধুৰীয়ে খেলুৱৈজনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।

Exit mobile version