প্ৰতি কিলােৰ মূল্য ৭৫,੦੦੦ টকা! পুনৰ অভিলেখ গঢ়িলে মনোহাৰী চাহ বগিচাই

প্ৰতি কিলােৰ মূল্য ৭৫,੦੦੦ টকা! পুনৰ অভিলেখ গঢ়িলে মনোহাৰী চাহ বগিচাই

October 31, 2020 0 By NEWS DESK

নিউজ ডেস্ক। দেশ-বিদেশত পুনৰ চৰ্চিত হ’ল অসমৰ চাহ!

পুনৰ অভিলেখ মূল্যত বিক্ৰী হ’ল ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ চাহ।

পূৰ্বৰ অভিলেখ ভংগ কৰি মনোহাৰী বাগিচাই গ’ল্ড চাহ ৭৫ হাজাৰ টকাত বিক্ৰী কৰিলে নিলামত।

গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত এক কিলোগ্ৰাম চাহপাত বিক্ৰী হ’ল ৭৫ হাজাৰ টকাত।

জানিব পৰা মতে, বিষ্ণু টী কোম্পানীয়ে চাহ নিলাম কেন্দ্ৰৰ পৰা এই চাহ ক্ৰয় কৰে।

উল্লেখযােগ্য যে চাহৰ নিলাম বজাৰত চাহৰ সৰ্বোচ্চ নিলাম ৭৫,০০০ টকা।

মনোহাৰী চাহ বাগিচাই চাহ নিলামৰ ক্ষেত্ৰতে পূৰ্বে বিগত ২০১৮ চনত এক কিলোগ্ৰাম চাহত ৩৯,০০১ টকাত নিলাম কৰি অভিলেখ গঢ়িছিল।

পুনৰ ২০১৯ চনত নিজৰেই ৰেকৰ্ড ভংগ কৰি এক কিলোগ্ৰামত চাহ নিলাম হৈছিল ৫০ হাজাৰ টকাত।

কিন্তু পৰৱৰ্তী সময়ত ডিব্ৰুগড় ডিকম চাহ বাগিচাই নিলাম বজাৰৰ সৰ্বোচ্চ সীমা ৭৫,০০০ টকাত বিক্ৰী কৰি সকলো অভিলেখ ভংগ কৰিছিল।

পুনৰ ডিব্ৰুগড় মনোহাৰী চাহ বাগিচাই বিশ্বৰ চাহ বজাৰৰ সৰ্বোচ্চ মূল্যৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হ’ল।