প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা দীৰ্ঘতম সুৰংগটোৰ নিৰ্মাণকাৰ্যৰ আঁৰত এগৰাকী অসম সন্তান !

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা দীৰ্ঘতম সুৰংগটোৰ নিৰ্মাণকাৰ্যৰ আঁৰত এগৰাকী অসম সন্তান !

October 3, 2020 0 By NEWS DESK

আজি মুকলি কৰা হ’ল বিশ্বৰ সবাতোকৈ দীৰ্ঘতম সুৰংগটো।

কিন্তু ভাৰতৰ এই বৃহৎ সফলতাৰ আঁৰত আছে এজন অসম সন্তান।

এই বৃহত প্ৰকল্পটোৰ সৈতে ভূতত্ত্ববিদ হিচাপে জৰিত হৈ অসম সন্তান মৃদুপম পাঠক।

মৃদুপম পাঠক গুৱাহাটীৰ ৰুক্মিণী নগৰৰ নিবাসী।

অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰয়াত গহীন পাঠক আৰু শিক্ষয়িত্ৰী ইৰা পাঠকৰ পুত্ৰ।

বৰ্তমান হিমাচল প্ৰদেশতে বাস কৰা মৃদুপম পাঠক ২০০৬চনতে ড০ হৰিসিং গৌৰ ইউনিভাচিটিৰ পৰা এম টেক পাছ কৰিছিল।

সুৰংগটোৰ নিৰ্মাণকাৰ্যৰ এগৰাকী পৰ্যবেক্ষক পৰামৰ্শদাতা হিচাপে ২০১৫ চনৰ পৰাই কৰ্মৰত আছিল মৃদুপম পাঠক।

Image

উল্লেখ্য যে, হিমাচলপ্ৰদেশৰ ৰোহতাগৰ সমীপত থকা এই সুৰংগটি ‘অটল সুৰংগ’ নামেৰে নামাকৰণ কৰা হৈছে আৰু এই সুৰংগটিৰ দৈৰ্ঘ্য ৯.০২ কিলোমিটাৰ।