NEWS8 NE

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণঃ ২৮ এপ্ৰিলত ৰাজ্যৰ এই দুখন জিলাত স্থানীয় বন্ধ ঘোষণা…

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ২৮ এপ্ৰিলত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলাত।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ এই দিনটোত জিলা দুখনত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব বুলি ঘোষণা কৰিছে জিলা প্ৰশাসনে।

উল্লেখ্য যে, অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড় ভ্ৰমণ কৰি ৭ খন কেন্সাৰ হাস্পতালৰ উদ্বোধন কৰিব।

তেওঁ আন ৭ খন হাস্পতালৰ শিলান্যাসো কৰিব সেই দিনটোত।

ইফালে উক্ত দিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিফুত এখন দলীত সভা সম্বোধন কৰিব বুলি জানিব পৰা গৈছে।

প্রধানমন্ত্ৰীৰ আগমণক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে অসম চৰকাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই আগভাগ লৈ প্ৰধানমন্ত্ৰী উপস্থিত থাকিবলগীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰিছে।

লগতে চাওকঃ

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

Exit mobile version