প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত ৱেবচাইটসহ টুইটাৰ একাউন্ট হেক !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত ৱেবচাইটসহ টুইটাৰ একাউন্ট হেক !

September 3, 2020 0 By NEWS DESK

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত ৱেবচাইটসহ টুইটাৰ একাউন্ট হেক কৰিছে হেকাৰে।

প্ৰধানমন্ত্ৰী ব্যক্তিগত ৱেৱচাইট narendramodi_inৰ টুইটাৰ একাউন্ট হেক কৰিছে হেকাৰে।

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩.১৫বজাত মোডীৰ একাউন্ট হেক কৰি কেবাটাও টুইট কৰিছে হেকাৰে।

ক’ভিড১৯ৰ বাবে ৰাষ্ট্ৰীয় ৰিলিফ ফাণ্ডলৈ সাহায্য আগবঢ়াবলৈ আমি আবেদন জনাইছো। ভাৰতত এতিয়া ক্ৰিপ্টোকাৰেন্সি আৰম্ভ হ’ল বুলি টুইট কৰা হৈছিল।

Image

উক্ত টুইটকেইটাত প্রধানমন্ত্রী ৰাষ্ট্ৰীয় ৰিলিফ ফাণ্ডলৈ আৰ্থিক সাহায্য বিচাৰি আবেদন কৰা হৈছিল।

ইয়াৰ পিছতে টুইটাৰ কৰ্তৃপক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউন্টটো হেক হোৱাৰ কথা স্বীকাৰ কৰিছে।