প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ বদান্যতা! এই পৰ্যন্ত দান কৰিলে ১০৩ কোটি টকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ বদান্যতা! এই পৰ্যন্ত দান কৰিলে ১০৩ কোটি টকা

September 4, 2020 0 By NEWS DESK

দেশবাসীৰ দুৰ্যােগপূৰ্ণ সময়ত কােটি কােটি টকা ব্যক্তিগতভাৱে দান কৰি আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে।

তথ্য অনুসৰি, মোডীয়ে বৰ্তমানলৈ মুঠ ১০৩ কোটি টকা দান হিচাপে আগবঢ়াইছে।

‘পি এম কেয়াৰ্ছ’ পুঁজিলৈও বৰঙণি আগবঢ়ােৱা প্ৰথমজন ব্যক্তি নিজেই প্ৰধানমন্ত্ৰী মোডী।

এই পুঁজিৰ গঠনৰ পাছতে যোৱা ২৭ মাৰ্চত মোডীয়ে ২.২৫ লাখ টকাৰ দান আগবঢ়াইছিল।

মােদীয়ে আগবঢ়ােৱা অনুদানৰ ধনৰ উৎস কি জানেনে?

দৰাচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে নিজৰ সঞ্চিত ধন আৰু বিভিন্ন সামগ্ৰীৰ নিলামৰ জৰিয়তে লাভ কৰা ধন সম্পূৰ্ণৰূপে অনুদান হিচাপে প্ৰদান কৰিছে চৰকাৰৰ ৰাজকােষত।

জানিব পৰা মতে, মুঠ ১০৩ কোটি টকাৰো অধিক পুঁজি মোডীয়ে এতিয়ালৈকে দান হিচাপে আগবঢ়াইছে।