প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণৰ নামত চৰকাৰৰ খৰচ হ’ল ৫১৭.৮২ কোটি টকা !

প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণৰ নামত চৰকাৰৰ খৰচ হ’ল ৫১৭.৮২ কোটি টকা !

September 23, 2020 0 By NEWS DESK

প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণৰ বিষয়টোৱে প্ৰয়েই চৰ্চাত থাকে।

কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ বিদেশ ভ্ৰমণৰ নামত কিমান টকা খৰচ হয় সেই কথা জানিলে আপুনি আচৰিত হ’ব।

প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৫ চনৰ মাৰ্চ মাহৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহৰ ভিতৰত প্ৰায় ৫৮ খন দেশ ভ্ৰমণ কৰিছে।

এই যাত্ৰাৰ সময়ত ব্যয় হয় প্ৰায় ৫১৭.৮৩ কোটি টকা।

মঙলবাৰে সংসদত এই কথা প্ৰকাশ কৰা হয়।

ৰাজ্যসভাৰ এক প্ৰশ্নৰ লিখিত উত্তৰত বিদেশ মন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰীয়ে কৰা ভ্ৰমণৰ বাবে দিপাক্ষিক,ক্ষেত্ৰীয়,তথা বিশ্ব দৰবাৰত অন্য দেশে ভাৰতৰ দৃষ্টিকোন সম্বন্ধে বুজি পাইছে আৰু সম্বন্ধও দৃঢ় হৈছে।

উল্লেখ্য যে, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ ফৌজিয়া খানে চৰকাৰৰ পৰা জানিব বিচাৰিছিল যে ২০১৫ চনৰ পৰা বৰ্তমান সময়লৈকে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণত কিমান টকা ব্যয় হৈছে।