প্ৰধানমন্ত্ৰী মোদীৰ সুৰিক্ষত যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ পৰা ক্ৰয় কৰা হৈছে ৮.৫ হাজাৰ কোটি টকীয়া বিমান !

প্ৰধানমন্ত্ৰী মোদীৰ সুৰিক্ষত যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ পৰা ক্ৰয় কৰা হৈছে ৮.৫ হাজাৰ কোটি টকীয়া বিমান !

August 22, 2020 0 By NEWS DESK

প্ৰধানমন্ত্ৰী মোদীৰ সুৰিক্ষত যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি ৮.৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে আমেৰিকাৰ পৰা ক্ৰয় কৰা হৈছে বিলাসী বিমান।

অহা সপ্তাহৰ ভিতৰতে এই বিলাসী বিমানখন দিল্লীত অৱতৰণ কৰিব বুলি জানিব পৰা গৈছে।

দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ বাবে ক্ৰয় কৰা হৈছে এই বিমানখন।

ইয়াৰে এখন ব’য়িং বিমান অহা সপ্তাহত দিল্লীত অৱতৰণ কৰাৰ বিপৰীতে আনখন চলিত বৰ্ষৰ দিল্লী পাবহি বুলি জানিব পৰা গৈছে।

এই দুখন ব’য়িং বিমানৰ মূল্য হৈছে ৮,৪৫৮ কোটি টকা।

এয়াৰ ইণ্ডিয়া ৱান নামৰ এই দুখন বিমানক মাৰ্কিন ৰাষ্ট্ৰপতিৰ বিমান এয়াৰ ফ’ৰ্ছ ৱানৰ দৰে নিৰ্মাণ কৰা হৈছে।

এই ব’য়িং বিমান দুখনে ৭৭৭ ক্ষেপনাস্ত্ৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে।

একেৰাহে ১৭ ঘন্টা সময় উৰিব পাৰিব এই দুয়োখন অত্যাধুনিক ব’য়িং বিমানে।

অত্যাধুনিক সুৰক্ষিত আৰু যোগাযোগ সংক্ৰান্ত্ৰীয় অডিঅ’ আৰু ভিডিঅ’ ব্যৱস্থা উপলব্ধ হ’বলগীয়া এই ব’য়িং বিমান দুখনত মেডিকেল চেন্টাৰ, ভিভিআইপিৰ বাবে কনফাৰেঞ্চ হ’ল আদিও থাকিব।