Site icon NEWS8 NE

প্ৰবল বৃষ্টিপাতৰ মাজতে কৰ্তব্য পালন আৰক্ষীৰ, আশ্ৰয় প্ৰদান অসহায় প্ৰাণীক, দৃশ্য ভাইৰেল

নিউজ ডেস্ক। বৰ্তমান পশ্চিম বংগত ধাৰাষাৰ বৰষুণ। বহু ঠাই জলমগ্ন হৈ পৰিছে। বিশেষকৈ কলকাতাত স্বাভাৱিক জীৱন ব্যাহত হৈ পৰিছে।

বৰষুণৰ ফলত মানুহৰ লগতে জন্তুৰ জীৱনো বিধ্বস্ত হৈ পৰিছে।

বহুতো অঞ্চল জলমগ্ন হৈ পৰাত পথত খোজ কাঢ়িবলৈ কঠিন হৈ পৰিছে। কিন্তু তেনে এক পৰিস্থিতিৰ মাজতে এটা দৃশ্য দেখিবলৈ পোৱা গৈছে। যিটোৱে সকলোৰে অন্তৰ স্পৰ্শ কৰিছে। দৃশ্যটো কলকাতা আৰক্ষীৰ এজন যান-বাহন আৰক্ষীৰ।

প্ৰবল বৃষ্টিপাতৰ মাজতে এজন আৰক্ষী জোৱানে নিজৰ কৰ্তব্য পালন কৰি আছে। তেওঁ নিজে লৈ থকা ছাতিটোৰ তলত বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় প্ৰদান কৰিছে কেইটামান কুকুৰক।

কলকাতা আৰক্ষীৰ কনিষ্টবলজনৰ এই দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সেই দৃশ্যটো প্ৰত্যক্ষ কৰাৰ পিছত সকলোৱে কলকাতা আৰক্ষীক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে।

ভাইৰেল হোৱা ছবিখনত দেখা অনুসৰি, এজন ট্ৰেফিক পুলিচে বৰষুণত ছাতি লৈ থিয় হৈ আছে। কেইটামান কুকুৰে তেওঁৰ ছাতিৰ তলত আশ্ৰয় লৈছে। অৰ্থাৎ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কুকুৰবোৰ আৰক্ষীজনৰ ছাতিৰ তলত বহি আছে।

আমোদজনক ভাৱে আৰক্ষীজনে তেওঁলোকক আঁতৰাই নিয়াৰ পৰিৱৰ্তে নিজৰ কৰ্তব্যও পালন কৰি আছে।

ছবিখন সামাজিক মাধ্যমত প’ষ্ট কৰাৰ লগে লগেই ব্যৱহাৰকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। কলকাতা আৰক্ষীয়ে এই ছবিখন শ্বেয়াৰ কৰে টুইটাৰ হেণ্ডেলত। য’ত কেপচন দিয়া হৈছে “দিনটোৰ মুহূৰ্ত”।

টুইটাৰৰ প’ষ্টটোত জনোৱা অনুসৰি কনিষ্টবলজনৰ নাম তৰুণ কুমাৰ মণ্ডল। যি ইষ্ট ট্ৰেফিক গাৰ্ডত কাম কৰি আছে।

উল্লেখ্য যে ফটোখন কলকাতাৰ পাৰ্ক চাৰ্কাছ ছেভেন পইণ্টৰ ওচৰত তোলা হৈছিল। ব্যৱহাৰকাৰীসকলে এই পোষ্টটোত কনিষ্টবল তৰুণ কুমাৰক প্ৰশংসা কৰিছে। বহুতেই ইয়াক মানৱতাৰ উদাহৰণ হিচাপে অভিহিত কৰে।

Exit mobile version