প্ৰব্ৰজিত শ্ৰমিক কঢ়িওৱা বাছৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৭

প্ৰব্ৰজিত শ্ৰমিক কঢ়িওৱা বাছৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত ৭

September 5, 2020 0 By NEWS DESK

তলাবন্ধৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে ৰেহাই ঘােষণা কৰাৰ পাছতে বিভিন্ন চহৰলৈ কৰ্মৰ সন্ধানত ৰাওনা হৈছে লাখ-লাখ শ্ৰমিক।

ইয়াৰ মাজতেও বিভিন্ন দুৰ্যােগৰ সন্মুখীন হৈছে শ্ৰমিকসকল।

এইবাৰ বাছেৰে ওড়িষ্যাৰ পৰা গুজৰাটলৈ ৰাওনা হােৱা শ্ৰমিকসকল সন্মুখীন হ’ল ভয়ংকৰ পথ দুৰ্ঘটনাত।

জানিব পৰা মতে, এখন বাছেৰে ২੦ জন শ্ৰমিক ওড়িষ্যাৰ গঞ্জম জিলাৰ পৰা গুজৰাটৰ ছুৰাটলৈ যাত্ৰা কৰিছিল।

কিন্তু শনিবাৰে পুৱতি নিশা ছত্তীশগড়ৰ চেৰীখেৰীত ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

অভিসপ্ত বাছখন

এই দুৰ্ঘটনাত এই পৰ্যন্ত ৭ জনকৈ শ্ৰমিকৰ মৃত্যু হােৱা বুলি বাতৰি পােৱা গৈছে।

ৰায়পুৰৰ এছএছপি অজয় যাদৱে এই দুৰ্ঘটনাত ৭ জন শ্ৰমিকৰ মৃত্যু হােৱা বুলি নিশ্চিত কৰিছে।