Site icon NEWS8 NE

প্ৰশিক্ষণৰ সময়ত সহায় কৰা অচিনাকী ট্ৰাক চালকসকলক কাষত পাই উচুপি উঠিল মীৰাবাঈ চানু

নিউজ ডেস্ক। চলিত টকিঅ’ অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল মণিপুৰৰ মীৰাবাই চানুৱে। যাক লৈ সমগ্ৰ দেশবাসী হৈ পৰিছিল উৎফুল্লিত।

সেই মীৰাবাই চানুৱে এইবাৰ কিছু ট্ৰাক চালকৰ সমুখত হুকহুকাই কান্দি উঠিল। কিন্তু কিয় কান্দি উঠিল জানেনে?

তেওঁৰ মতে সেই ট্ৰাক চালকসকলৰ অবিহনে তেওঁ আজি অলিম্পিকত পদক লাভ কৰিব নোৱাৰিলেহেঁতেন।

জানিব পৰা মতে, যি সময়ত তেওঁ খেল জীৱনৰ আৰম্ভণি হৈছিল, সেই সময়ত তেওঁক সহায় কৰিছিল ট্ৰাক চালকসকলে।

অৰ্থাৎ এক দৰিদ্ৰ পৰিয়ালৰ সন্তান মীৰাবাইয়ে আৰম্ভণিৰ সময়ছোৱাত অনুশীলনৰ বাবে নিতৌ ২৫ কিলোমিটাৰ দূৰৰ খুমান লাম্পাক নামৰ ক্ৰীড়া প্ৰকল্পলৈ যাবলগীয়া হৈছিল।

সেই সময়ত তেওঁলোকৰ অঞ্চলত যাতায়তৰ কোনো সুবিধা নাছিল। সেই অঞ্চলত আছিল মাত্ৰ মীৰাবাই থকা গাঁৱৰফালে বালি কঢ়িয়াবলৈ যোৱা ট্ৰাকৰ চলাচল। যি আছিল তেতিয়াৰ দিনৰ একমাত্ৰ যাতায়তৰ ব্যৱস্থা।

মীৰাবাইয়ে সেই চিনা-পৰিচয় নথকা ট্ৰাক চালকসকলৰ সৈতে নিতৌ অহা যোৱা কৰিছিল অনুশীলনস্থলীলৈ।

মীৰাবাইয়ে কয় যে সেই সময়ত যদি এই ট্ৰাক চালকসকলে তেওঁক তেনেদৰে সহায় নকৰিলেহেঁতেন, তেন্তে আজিৰ অলিম্পিকত তেওঁ পদক লাভ নকৰিলেহেঁতেন।

সেয়েহে অলিম্পিকত পদক লাভ কৰাৰ পিছতে কৃতজ্ঞতা জনাবলৈ সেই ট্ৰাকচালকসকলক লগ পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছিল খেলুগৰাকীয়ে।

সেই উদ্দেশ্যেৰে তেওঁ টকিঅ’ৰ পৰা ওভতাৰ পিছৰে পৰা একাংশ ট্ৰাকচালকৰ সন্ধানত আছিল। তেওঁ বিশেষ সন্মান জনাব বিচাৰিছিল ট্ৰাক চালক সকলক।

সেয়েহে তেওঁ বহুতো ট্ৰাক চালকক আমন্ত্ৰণ জনাইছিল ঘৰলৈ। সেই অনুসৰি ৫ আগষ্ট বৃহস্পতিবাৰে বহুতো ট্ৰাক চালক আহিছিল তেওঁৰ ঘৰলৈ।

ঘৰৰ চোতালতে ট্ৰাক চালকক সেৱা জনাই তেওঁলোকক দেখি নিজৰ পূৰ্বৰ কথা সুৱৰি হুকহুকাই কান্দি উঠিছিল অলিম্পিক বিজয়ী মীৰাবাই চানু। তেওঁ চোতালত বহি থকা কেইবাগৰাকী ট্ৰাক চালকক একেলগে আঠু কাঢ়ি সেৱা জনায়।

উল্লেখ্য যে ট্ৰাক চালক সকলক উপহাৰ আৰু মিঠাই বিতৰণ কৰে তেওঁ। লগতে খেল জীৱনৰ আৰম্ভণিৰ সময়ত সেই সহায় কৰাৰ বাবে তেওঁ সকলোৰে সমুখত আঠু কাঢ়ি ধন্যাবাদ জ্ঞাপন কৰে।

Exit mobile version