প্ৰসংগঃ প্ৰশ্নকাকত ফাদিল, ডিজিপিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

প্ৰসংগঃ প্ৰশ্নকাকত ফাদিল, ডিজিপিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

September 20, 2020 0 By NEWS DESK

বিতৰ্কই যেন লগ এৰা নাই অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক ৫৯৭ টা পদৰ পৰীক্ষা পূৰ্বেৰে পৰা বিতৰ্কত মাজত সােমাই পৰিছিল।

এটা ভাইৰেল অডিঅ’ ক্লিপত নিযুক্তিৰ বাবে দৰদাম কৰা প্ৰবঞ্চকৰ চক্ৰ ফাদিল হৈ পৰাৰ পাছত এইবাৰ পৰীক্ষাৰ দিনাই সংঘটিত হ’ল অঘটন।

এইবাৰ মুকলি বজাৰত ওলাল লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত।

ৰাজ্যৰ বিভিন্ন স্থানত দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপপৰিদৰ্শকৰ লিখিত পৰীক্ষা ।

পৰীক্ষা বাতিল হোৱাৰ পাছত শিৱসাগৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ দৃশ্য

কিন্তু লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত আগতীয়াকৈ ফাদিল হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে আধাতে বাতিল হয় লিখিত পৰীক্ষা ।

ইয়াৰ বাবে ৰাজ্যৰ পৰীক্ষা কেন্দ্ৰসমূহত সৃষ্টি হ’ল অবাঞ্ছিত পৰিস্থিতিৰ।

বহু আশাৰে লিখিত পৰীক্ষাত বহা চাকৰি প্ৰাৰ্থী যুৱক যুৱতীসকল হতাশ হৈ পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই আহিবলৈ বাধ্য হয়।

প্ৰশ্ন কাকত ফাদিল হোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে আৰক্ষী বিভাগে আধাতে বাতিল কৰে পৰীক্ষা।

ইপিনে, সম্প্ৰতি নতুন দিল্লীত থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে উক্ত ঘটনাত অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে তদন্তৰ নিৰ্দেশ জাৰী কৰিছে।

জনসংযােগ বিভাগে টুইটাৰত প্ৰকাশ কৰা মতে, উক্ত কাৰ্যৰ সৈতে জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক কঠােৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।