প্ৰস্তাৱিত ৰাজধানী ক্ষেত্ৰৰ  বাহিৰত থাকিব ৰাভা হাছং-তিৱা পৰিষদ

প্ৰস্তাৱিত ৰাজধানী ক্ষেত্ৰৰ বাহিৰত থাকিব ৰাভা হাছং-তিৱা পৰিষদ

August 28, 2020 0 By NEWS DESK

অৱশেষত ৰাভা সংগ্ৰামী সংগঠনসমূহৰ দাবী ওচৰত নতি স্বীকাৰ কৰিলে ৰাজ্য চৰকাৰে।

অসম চৰকাৰৰ প্ৰস্তাৱিত ৰাজ্যিক ৰাজধানী ক্ষেত্ৰত ৰাভা-হাছং স্বায়ত্ত পৰিষদৰ অঞ্চলসমূহাে অন্তৰ্ভুক্ত কৰাৰ ঘােষণা কৰিছিল ৰাজ্য চৰকাৰে।

কিন্তু ষষ্ঠ অনুসূচীৰৰ দাবীৰে সংগ্ৰাম অব্যাহত ৰখা নিখিল ৰাভা ছাত্ৰ সন্থাকে ধৰি বহু ৰাভা-সংগ্ৰামী সংগঠনসমূহে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে জােৰদাৰ আন্দােলনৰ ঘােষণা কৰিছিল।

অৱশেষত এই সংগঠনসমূহৰ আন্দােলনলৈ সঁহাৰি জনাই অসম চৰকাৰে প্ৰাস্তাৱিত ৰাজ্যিক ৰাজধানী অঞ্চলৰ পৰা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ বাহিৰত ৰখাৰ বিষয়টোত অনুমোদন জনায়।

লক্ষণীয় যে সোণোৱাল চৰকাৰে পূৰ্বতে প্ৰস্তাৱিত ৰাজ্যিক ৰাজধানী অঞ্চলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ একেলগে সামৰিছিল।

চৰকাৰৰ শেহতীয়া সিদ্ধান্তক আদৰণি জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাকে ধৰি উক্ত আন্দােলনৰ সৈতে জড়িত থকা দল-সংগঠনসমূহেও।