প্ৰাক্তন জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় টেবল টেনিছ তাৰকা নিপজ্যােতি বৰুৱাৰ দেহাৱসান

প্ৰাক্তন জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় টেবল টেনিছ তাৰকা নিপজ্যােতি বৰুৱাৰ দেহাৱসান

August 30, 2020 0 By NEWS DESK

অসমত অব্যাহত আছে ক’ভিড-১৯ ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা।

এইবাৰ ক’ভিড-১৯ৰ সংক্ৰমণত প্ৰাণ গ’ল প্ৰাক্তন জুনিয়ৰ আন্তঃৰাষ্ট্ৰীয় টেবল টেনিছ খেলুৱৈ নিপজ্যােতি বৰুৱাৰ।

কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪৬ বছৰীয়া সুদক্ষ টেবল টেনিছ খেলুৱৈজনে শেষ নিস্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত বৰুৱাই মাতৃ, পত্নী আৰু দুই পুত্ৰ সন্তানৰ লগতে অসংখ্য গুণমুগ্ধক এতি থৈ যায়।

বৰুৱাৰ মৃত্যুৰ আকস্মিক খবৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনতাে গভীৰ শােকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা নিপজ্যােতিক শুকুৰবাৰে চিকিৎসালয়ত ভৰ্তি কৰােৱা হৈছিল যদিও শনিবাৰে তেওঁ অৱস্থা গুৰুতৰ হৈ পৰে।

দিনৰ ৩ মান বজাত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে ১৯৮৮ত মাদ্ৰাজত ৰাষ্ট্ৰীয় মিনি নেচনেল টেবল টেনিছত চেম্পিয়নৰ সন্মান অৰ্জন কৰাৰ উপৰি ১৯৮৯ ত নতুন দিল্লীত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেবল টেনিছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল বৰুৱাই।

ইয়াৰ উপৰি ইউ এছ অ’পেন টেবল টেনিছৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযােগিতাত অংশগ্ৰহণৰ গৌৰৱ অৰ্জন কৰিছিল বৰুৱাই।

১৯৮৫-৮৬ ত ১৪ বছৰ অনূৰ্দ্ধত ৰাষ্ট্ৰীয় স্কুল টেবল টেনিছত চেম্পিয়ন হােৱাৰ উপৰি ১৯৮৭-৮৮ত ১৭ বছৰ অনূৰ্দ্ধত ৰাষ্ট্ৰীয় স্কুল টেবল টেনিছত শ্ৰেষ্ঠত্ব অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল।

বৰুৱাৰ মৃত্যুত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্যজ্যােতি কােঁৱৰ, অসম খােখাে সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা, অসম টেবল টেনিছ সন্থাৰ সম্পাদক ত্ৰিদিপ বৰুৱাকে ধৰি বিভিন্ন ব্যক্ত, দল-সংগঠনে গভীৰ শােক প্ৰকাশ কৰিছে।