প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী, বিজেপি নেতা যশোৱন্ত সিঙৰ দেহাৱসান

প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী, বিজেপি নেতা যশোৱন্ত সিঙৰ দেহাৱসান

September 27, 2020 0 By NEWS DESK

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ দেহাৱসান।

দেওবাৰে দিল্লীত ৮২ বছৰ বয়সত মৃত্যু প্ৰাক্তন বিজেপিৰ নেতা গৰাকীৰ।

হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

অটল বিহাৰী বাজপয়ী চৰকাৰৰ দিনত ৰাজস্থানৰ নেতাগৰাকীয়ে ভাৰতীয় বিদেশ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা বিত্তমন্ত্ৰীৰ দৰে কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী আছিল।

১৯৫০ আৰু ৬০ চনত ভাৰতীয় সেনাতো কৰ্মৰত আছিল সিং।

দিল্লীৰ আৰ্মি হাস্পতালত ২৫ জুনত ভৰ্তি কৰা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।

তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বিভিন্ন ব্যক্তি তথা দল-সংগঠনে শোক প্ৰকাশ কৰিছে।