NEWS8 NE

প্ৰায় ২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল এটা গুৰুত্বপূৰ্ণ পথ! কিন্তু উদ্বোধনৰ ৪ মাহ নৌহওতেই পৰিণত হ’ল গুহাত

নিউজ ডেস্কঃ কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এটা গুৰুত্বপূৰ্ণ পথ উদ্বোধনৰ ৪ মাহৰ ভিতৰতে ভাগি গুহাত পৰিণত হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যান-বাহনৰ চলাচলৰ মাজতে দেওবাৰে হঠাৎ ভাগি প্ৰকাণ্ড গাঁতত পৰিণত হয় বাংগালুৰুৰ কুণ্ডনহাল্লী আণ্ডাৰপাছ সেৱা পথৰ এটা অংশ।

জানিব পৰা মতে, বিগত জুন মাহত বাংগালুৰুৰ কুণ্ডলাহল্লী জংচনৰ পৰা আই টি হাবলৈ আণ্ডাৰপাছ পথটোৰ উদ্বোধন কৰা হৈছিল।

১৯.৪৫ কোটি টকা ব্যয় সাপেক্ষে এই পথটো নিৰ্মাণ কৰিছিল ব্ৰুহাট বাংগালুৰু মহানগপ পালিকা (বিবিএমপি)য়ে।

কিন্তু পথটোৰ তলেৰে পাৰ হৈ হোৱা পানী যোগান আঁচনিৰ পাইপ ফাটি যোৱাৰ বাবেই পথৰ মাটি ঢিলা হৈ এনেদৰে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱা দাবী কৰিছে বিবিএমপিয়ে।

পথটো ভাগি পৰাৰ লগে লগে যান-বাহনৰ চলাচল বন্ধ কৰি নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছে।

কিন্তু কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা পথটো মাত্ৰ ৪ মাহৰ ভিতৰতে এনেদৰে ভাগি পৰাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে সাধাৰণ নাগৰিকে।

Exit mobile version