Site icon NEWS8 NE

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। কিছুদিন পূৰ্বে এগৰাকী বাংলাদেশী যুৱকক লগ ধৰিবলৈ অসমৰ পৰা এগৰাকী যুৱতীয়ে বাংলাদেশত অবৈধভাৱে প্ৰৱেশ কৰি আটক হােৱাৰ অনুৰূপ ধৰণে এইবাৰ বাংলাদেশৰ পৰা এগৰাকী যুৱতীয়ে প্ৰেমিকক দেখা কৰাৰ বাবেই সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি বিএছএফৰ হাতত আটক হোৱাৰ বাতৰি পোৱা গৈছে।

জানিব পৰা মতে, বাংলাদেশৰ বগুৰ জিলাৰ যুৱতীগৰাকীয়ে পশ্চিমবংগৰ কোচ বিহাৰ জিলাৰ তুফানগঞ্জৰ এজন যুৱকৰ লগত ফে’চবুকৰ জৰিয়তে প্ৰথমতে চিনাকি হয় আৰু পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।

দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক চলি আছিল।

যোৱা ১৫ জানুৱাৰীৰ দিনা ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰ হৈ যুৱতীগৰকীয়ে কোচবিহাৰ জিলাৰ দীঘলটাৰী অঞ্চলেৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰে। কিন্তু ভাৰতৰ ভূমিত অবৈধভাৱে প্ৰৱেশ কৰাৰ সময়তে ১২৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীয়ে যুৱতীগৰাকীক আটক কৰে।

পিছত সীমান্ত সুৰক্ষা বাহিনীয়ে ধৃত বাংলাদেশী যুৱতীগৰাকীক সাহেবগঞ্জ থানাৰ আৰক্ষীক চমজাই দিয়ে।

সাহেবগঞ্জথানাৰ আৰক্ষীয়ে দিনহাটা মহকুমা স্বাস্থ্য কেন্দ্ৰত যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাই সােমবাৰে দিনহাটা মহকুমা আদালতত হাজিৰ কৰায়।

আদালতে সাক্ষ্য গ্ৰহণ কৰি যুৱতীগৰাকীক হাজোতলৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

বিবাহৰ ক্ষেত্ৰত মই ভাগ্যৱান নহয়! দ্বিতীয়বাৰ বিবাহ বিচ্ছেদ ঘটিল সৰু পৰ্দাৰ ‘শ্ৰীকৃষ্ণ’ৰ

প্ৰবল শিলাবৃষ্টি! শুভ্ৰ আচ্ছাদনত মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলং

Exit mobile version