
প্ৰয়াত মাতৃলৈ শ্ৰদ্ধা জনাই আৰক্ষী বিষয়াই আৰোহণ কৰিলে এভাৰেষ্টৰ শিখৰ
May 27, 2021নিউজ ডেস্ক। নৱী মুম্বাইৰ আৰক্ষীৰ এজন আৰক্ষী বিষয়াই আৰোহণ কৰিলে মাউণ্ট এভাৰেষ্টৰ শিখৰ। তেওঁ হ’ল অতিৰিক্ত আৰক্ষী পৰিদৰ্শক সম্ভজী গুৰাৱ। এভাৰেষ্ট আৰোহণ কৰা তেওঁ হৈছে মহাৰাষ্ট্ৰৰ তৃতীয়জন আৰক্ষী।
যোৱা ২৩ মে’ত বিষয়াজনে আৰোহণ কৰে এভাৰেষ্ট। তেওঁ এই সফলতা নিজ মাতৃৰ নামত উৎসৰ্গা কৰিছে। ২০১৮ চনত মৃত্যু হৈছিল তেওঁৰ মাতৃৰ।

সেয়েহে তেওঁ এভাৰেষ্টৰ শিখৰত খোজ দিয়াৰ পিছতেই মৃত মাতৃৰ এখন ফটো প্ৰদৰ্শন কৰে। যত লিখা আছিল মহিলাক ‘সন্মান কৰা’ (Respect Women)।
বিষয়াজনে ২০১৭ চনত প্ৰথমবাৰ এভাৰেষ্ট আৰোহণৰ যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু সেই সময়তে তেওঁৰ মাতৃৰ মগজু ষ্ট্ৰ’ক হোৱাৰ বাবে তেওঁ আধা বাটৰ পৰাই ঘূৰি আহে। আৰু মাতৃৰ সৈতে দুমাহ দিন কটায় চিকিৎসালয়ত। অৱশ্যে পৰৱৰ্তী সময়ত মৃত্যু হয় মাতৃৰ।
মাতৃ সন্দৰ্ভত তেওঁ কয় যে, “আমি মাতৃক সহজভাৱে লওঁ, কেতিয়াও তেওঁলোকৰ কষ্টক বুজিবলৈ চেষ্টা নকৰো। কিন্তু মোৰ মাতৃৰ মৃত্যু হোৱাৰ পিছত মই সেইয়া অনুভৱ কৰিছো। মই মোৰ দোষ বুজি পাইছো। সেয়েহে যোৱা দুবছৰে মোৰ অন্তৰৰ দোষে মোক এই সফলতা লাভৰ বাবে সাজু হোৱাত সহায় কৰিছিল। আৰু শেষত মই মোৰ লক্ষ্যত উপনীত হলো।”
উল্লেখ্য যে যোৱা ৯ এপ্ৰিলত বেছ কেম্পৰ পৰা তেওঁলোকৰ ৯ জনীয়া এটা দলে এই যাত্ৰা আৰম্ভ কৰিছিল যদিও ৫ জনেহে যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হয়। যোৱা ১৮ মে’ত চূড়ান্ত পৰ্যায়ৰ যাত্ৰা আৰম্ভ হয়। আৰু ২৩ মে’ত তেওঁলোক আৰোহণ কৰিবলৈ সক্ষম হয় এভাৰেষ্টৰ শিখৰ। যাত্ৰাপথত তেওঁলোকে সন্মুখীন হোৱা ভিন্ন বতৰৰ বাবে কেইবাজনৰ দেহত ধৰা পৰে কভিড পজিতিভ। ইয়াৰোপৰি দেহত অক্সিজেনৰ পৰিমাণ কমি যায় ৭০% লৈ। শেষ পৰ্যায়লৈ অক্সিজেন ৩০% লৈ হ্ৰাস পোৱাত ব্যৱহাৰ কৰিব লগা হৈছিল অক্সিজেন চিলিণ্ডাৰ।
ইয়াৰোপৰি বতাহে তেওঁলোকক সৃষ্টি কৰিছিল বাধাৰ। তথাপিও তেওঁলোকে শেষ মূহুৰ্তলৈকে অবিৰতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছিল।
তেওঁৰ এই সফলতাৰ বাবে কৃতজ্ঞতা জনায় কয় যে, “এই অভিযানত খৰচ হৈছিল প্ৰায় ২৫ লাখ টকা। এই ক্ষেত্ৰত মোক সহায় কৰিছিল নৱী মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত সঞ্জয় কুমাৰে। তেওঁ মোৰ প্ৰচেষ্টাৰ কথা জানিব পাৰি বিভাগৰ বহুতক কৈছিল। সেই অনুসৰি বহুতো লোকে মোক আৰোহণৰ ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। এই আৰোহণত মূল তিনিটা কথাই অতি প্ৰয়োজনীয়। সেইয়া হল শাৰীৰিক, মানসিক আৰু আৰ্থিক সক্ষমতা।”