Site icon NEWS8 NE

প্ৰয়াত মাতৃৰ জন্মদিনত আৱেগিক প’ষ্ট দিলে অভিনেতা চনু সুদে

নিউজ ডেস্ক। জনপ্ৰিয় অভিনেতা তথা দুখীয়াৰ ভগৱান হিচাপে পৰিচিত চনু সুদে তেওঁৰ মাতৃ সৰোজ সুদৰ জন্ম বাৰ্ষিকীত মাতৃৰ বাবে লিখে এটা আৱেগিক টোকা।

তেওঁ সামাজিক মাধ্যমত সেই টোকা শ্বেয়াৰ কৰি কয় যে তেওঁৰ মাতৃৰ মৃত্যুৰ ফলত সৃষ্টি হোৱা শূণ্যতা তেওঁ সদায় অনুভৱ কৰে। কিন্তু তেওঁক শিকোৱা জীৱনৰ পাঠৰ বাবে তেওঁ সদায় মাতৃৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব বুলি উল্লেখ কৰে।

চনু সুদে মাতৃৰ গাভৰু কালৰ কেইখনমান ক’লা-বগা ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল।

ফটো সমূহ শ্বেয়াৰ কৰি তেওঁ লিখে, “শুভ জন্মদিন মা। মই আশা কৰো যে মই তোমাক প্ৰতি বছৰে ব্যক্তিগতভাৱে আলিঙ্গন কৰি শুভেচ্ছা জনাইছো। আৰু তুমি মোক শিকোৱা জীৱনৰ পাঠৰ বাবে ধন্যবাদ। মই সদায় মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছো আৰু তোমাক গৌৰৱান্বিত কৰিম।”

মহামাৰীৰ সময়ত জনহিতকৰ কামৰ জৰিয়তে সকলোৰে হৃদয় জয় কৰি অহা অভিনেতাজনে লগতে কয় যে, তেওঁ তেওঁৰ মাতৃৰ কিমান অভাৱ অনুভৱ কৰে, সেইয়া কোনো শব্দই প্ৰকাশ কৰিব নোৱাৰি। “এই কথা কেতিয়াও প্ৰকাশ কৰিব নোৱাৰি যে মই তোমাক কিমান মিছ কৰোঁ। তোমাৰ অবিহনে মোৰ জীৱনত সৃষ্টি হোৱা ভেকুৱামটো সদায় একেই থাকিব, যেতিয়ালৈকে মই তোমাক পুনৰ দেখা নাপাওঁ। তুমি য’তেই আছা সুখী হৈ থাকা আৰু মোক সদায় পথ প্ৰদৰ্শন কৰি থাকা। লাভ ইউ মা।”

যোৱা বছৰ অভিনেতাজনৰ স্বৰ্গীয় মাতৃৰ নামত তেওঁৰ গৃহ চহৰ মোগাত এটা পথ উৎসৰ্গা কৰা হৈছিল। য’ত তেওঁৰ পৰিয়ালটোৱে তেওঁলোকৰ লৰালি দিনবোৰ অতিবাহিত কৰিছিল।

মাকৰ নাম থকা ফলকৰ এখন ফটো শ্বেয়াৰ কৰি সুদে ইনষ্টাগ্ৰামত লিখে, “এটা দৃশ্য, যিটো মই গোটেই জীৱন সপোন দেখিছিলো। আজি মোৰ গৃহ চহৰ মোগাৰ এটা পথ মোৰ মাতৃৰ নামেৰে নামাকৰণ কৰা হৈছে: অধ্যাপক সৰোজ সুদ ৰোড। যিটো পথেৰে তেওঁ গোটেই জীৱন অহা যোৱা কৰিছিল। তেওঁ সেই পথেৰে ঘৰৰ পৰা মহাবিদ্যালয়লৈ আৰু তাৰ পিছত ঘৰলৈ উভতি আহে। এইটো সদায়ে মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায় হ’ব।”

উল্লেখ্য যে চনু সুদে কোৰোনা মহামাৰীৰ সময়ত মানুহৰ জীৱন যুঁজত মানুহক সহায় কৰি আহিছে।

প্ৰব্ৰজনকাৰী শ্ৰমিক সকলক তেওঁলোকৰ ঘৰত সুৰক্ষিতভাৱে উপস্থিত হোৱাত সহায় কৰাৰ পৰা কভিড-১৯ ৰোগীসকলৰ বাবে চিকিৎসালয়ৰ বিচনা আৰু অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা কৰালৈকে, তেওঁ সমগ্ৰ মহামাৰীটোত শীৰ্ষস্থানত আছে।

Exit mobile version