প্ৰৱেশ নিষিদ্ধ! মিজােৰাম চৰকাৰ আৰু অসম ৰাইফলছৰ মাজত মুকলি সংঘাত

প্ৰৱেশ নিষিদ্ধ! মিজােৰাম চৰকাৰ আৰু অসম ৰাইফলছৰ মাজত মুকলি সংঘাত

August 20, 2020 0 By NEWS DESK

ক’ভিড-১৯ প্ৰট’ক’লৰ নামত এইবাৰ মুকলি সংঘাতত লিপ্ত হৈছে মিজােৰাম চৰকাৰ তথা আছাম ৰাইফলছ।

উল্লেখ্য যে ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত ৰাজ্য খনত অৰ্ধ সামৰিক বাহিনীক প্ৰৱেশ নিষিদ্ধ কৰিছিল ৰাজ্য চৰকাৰে।

ৰাজ্যখনত সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯।

কিন্তু বুধবাৰে ১৫ জনীয়া অসম ৰাইফলছৰ এক দল গৈছিল আইজল স্থিত চেক্টৰ ২৩ লৈ।

কিন্তু প্ৰৱেশ পথত বাধা প্ৰদান কৰে মিজোৰাম চৰকাৰৰ বিষয়াই।

বিষয়া সকলে তেওঁলোকক ক’ভিড-১৯ প্ৰটকল অনুসৰি স্বাস্থ্য পৰীক্ষা কৰিবলৈ কৈছিল।

সেই কথাত তেওঁলোক অমান্তি হয় বুলি জনায় মিজোৰামৰ গৃহ সচিব জনে।

আনহাতে অসম ৰাইফলছে জনায় দেশৰ নিৰাপত্তাৰ খাতিৰত আহিছোঁ আমি, কভিড-১৯ ৰ দোহাই দি এনে কৰাটো গ্ৰহণ যোগ্য নহয়।

এক পত্ৰ যোগে অৰ্ধ সামৰিক বাহিনীৰ ওপৰত ৰখা এনে নিয়ম প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে অসম ৰাইফলছে।