পৰম্পৰা ভংগ! মৃন্ময় প্ৰতিমাৰ সলনি ফ্লেক্স-ঘট স্থাপনেৰে হ’ব তেজপুৰৰ ৭২ বছৰীয়া ৰুদ্ৰপাল সিমতিৰ দুৰ্গা পূজা

পৰম্পৰা ভংগ! মৃন্ময় প্ৰতিমাৰ সলনি ফ্লেক্স-ঘট স্থাপনেৰে হ’ব তেজপুৰৰ ৭২ বছৰীয়া ৰুদ্ৰপাল সিমতিৰ দুৰ্গা পূজা

October 13, 2020 0 By NEWS DESK

তেজপুৰ। এইবাৰ শাৰদীয় দুৰ্গোৎসৱ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক’ভিড প্ৰট’কলৰ পালন কৰিহে উদযাপিত হ’ব ৰাজ্যজুৰি।

এনে পৰিপ্ৰেক্ষিততে তেজপুৰৰ ৭২ বছৰীয়া এখন পূজাত এইবাৰ নাথাকে দশভুজাৰ মৃণ্ময় প্ৰতিমা।

জানিব পৰা মতে, তেজপুৰত ১৯৪৮ত আৰম্ভ হোৱা ৰুদ্ৰপাল দুৰ্গা পূজা সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

পূৰ্বতে এই ৰাজহুৱা পূজাত প্ৰতি বছৰে ১২১-১৩ ফুট উচ্চতাৰ প্ৰতিমাৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰি অহা হৈছিল।

This image has an empty alt attribute; its file name is G1-3.jpg

তেজপুৰত মৃণ্ময় প্ৰতিমা নিৰ্মাণকাৰী এগৰাকী অন্যতম পথিকৃত শিল্পী আছিল ৰুদ্ৰপাল।

বৰ্তমানেও তেওঁৰ বংশজ উত্তৰসুৰী একাংশই গঢ়ি গৈছে দশভুজা তথা অন্যান্য দেৱ-দেৱীৰ মৃণ্ময় প্ৰতিমা।

কিন্তু এইবাৰ ৰুদ্ৰপাল দুৰ্গা পূজা সমিতিয়ে ঘট পূজা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দুৰ্গতি নাশিনী দশভুজাই যাতে ধৰিত্ৰীক ক’ৰনাৰ গ্ৰাসৰ পৰা ৰক্ষা কৰে তাৰ বাবেই অনুষ্টুপীয়াকৈ পূজাখনৰ আয়োজন চলিছে।

অৱশ্যে প্ৰতিমাৰ স্থানত ১০ ফুট উচ্চতাৰ আৰু ১২ ফুট বহল এখন দশভুজাৰ প্ৰতিমাৰ আলোকচিত্ৰ থকা ফ্লেক্সৰ ব্যৱহাৰ কৰা হ’ব এই পূজাত।

ক’ৰনাৰ বাবেই এইদৰে ভংগ হ’ল তেজপুৰৰ ৰুদ্ৰপাল দুৰ্গা পূজাৰ সমিতিৰ দুৰ্গােৎসৱৰ পৰম্পৰা।