NEWS8 NE

পৰিৱেশ অনুকূল বিয়া! ই-নিমন্ত্ৰণ, কাগজৰ ৰভা, তুলসীৰ বৰমালা, ই-স্কুটাৰত আহিল দৰা

নিউজ ডেস্ক। আজিৰ দিনত এখন বিয়া মানে সেইয়া যেন এক সামাজিক মৰ্য্যদাৰ প্ৰতীক। কিমান আটকধুনীয়া আৰু বিলাসী বিয়া উদযাপন কৰি সমাজৰ আগত নিজৰ সন্মান ৰক্ষা কৰিব পাৰি আজিৰ দিনত চলে তাৰেই এক অঘোষিত প্ৰতিযোগিতা। কিন্তু এইবাৰ আমি এখন ব্যতিক্ৰম বিবাহৰ কথা কব বিছাৰিছো যিখন বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

বিবাহখন অনুষ্ঠিত হৈছে দিল্লীত। দৰা কইনাৰ ১৪ বছৰীয়া প্ৰেমৰ সমন্ধৰ অন্তত সম্পন্ন হৈছে এই বিবাহ। দৰাৰ নাম আদিত্য আগৰৱাল আৰু কইনা মাধুৰী বালডি।

দুয়োৱে ইচ্ছা কৰিলে বিবাহখন ব্যতিক্ৰম ধৰণে অৰ্থাৎ পৰিৱেশ অনুকূল হিচাপে আয়োজন কৰিবলৈ। ইয়াৰোপৰি তেওঁলোকে ইচ্ছা কৰিলে বিবাহৰ নামত অযথা টকা নষ্ট নকৰি কম টকাতে বিবাহখন অনুষ্ঠিত কৰিবলৈ।

সেই অনুসৰি যা-যোগাৰ চলিল বিয়াৰ। কইনাৰ খুৰাকৰ এখন উদ্যানত বিবাহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত হ’ল। তৰা হ’ল ৰভা। ৰভা সজাই পৰাই তৰা হ’ল দেখিবলৈ ধুনীয়াকৈ পুৰণা প্লাষ্টিকৰ বটল আৰু কাগজেৰে। বটলবোৰ ৰং কৰি লোৱা হ’ল। তেনেদৰেই মুকলিকৈ সজোৱা হ’ল ৰভা।

এতিয়া সময় হ’ল দৰা অহাৰ। আন দৰাৰ দৰে বিলাসী গাড়ীত অহা নাই দৰা। তাৰ পৰিৱৰ্তে প্ৰদূষণ মুক্ত য়ুলো ই-বাইকত আহিল দৰা। বৰ যাত্ৰী বুলিবলৈ কেইজনমান বন্ধু। সেইমতে দৰা-কইনা থিয় হ’ল ৰভাৰ তলত। বিয়ালৈ অতিথিয়ো বেছি আমন্ত্ৰণ কৰা নাই। পৰিয়ালৰ ভিতৰতে অনুষ্ঠিত কৰিছে বিবাহ। সকলোৱে নাচিছে বাগিছে।

এতিয়া সময় হ’ল বিবাহৰ যজ্ঞৰ। কিন্তু তেওঁলোকে যজ্ঞৰ বাবেও আমন্ত্ৰণ কৰা নাই বাহিৰৰ পণ্ডিত। তাৰ পৰিৱৰ্তে কইনাৰ মাহীয়েকৰ পুতেকেই পালন কৰিলে পণ্ডিতৰ দায়িত্ব। তেওঁলোকে যজ্ঞত প্ৰদূষণ হোৱা কোনো সামগ্ৰীয়েই কৰা নাই ব্যৱহাৰ।

এতিয়া সময় হ’ল বৰমাল্য প্ৰদানৰ। সেই অনুসৰি দুডাল বৰমাল্য অনা হ’ল। বৰমাল্য দুডাল কিহৰ জানেনে? আপুনি মই দেখা সচৰাচৰ ফুলৰ নহয়। তাৰ পৰিৱৰ্তে তেওঁলোকে ব্যৱহাৰ কৰিছে তুলসীৰ মালা। যি দুডাল কইনাক উপহাৰ হিচাপে দিছে তেওঁৰ এগৰাকী বান্ধৱীয়ে। পৰৱৰ্তী সময়ত যাতে মালা দুডাল শুকাই গ’লে তেওঁলোকে চাহত দি খাব পাৰে।

দৰা আৰু কইনা দুয়ো ঘৰে ইঘৰে আন ঘৰক সামগ্ৰী দিয়াৰ পৰিৱৰ্তে মাত্ৰ এক কিলোকৈ ফল-মূল দুয়োঘৰে বিনিময় কৰিছে। বিবাহলৈ অহা অতিথি সকলেও তেওঁলোকক উপহাৰ হিচাপে কোনো পলিথিন বা প্লাষ্টিক প্ৰদান কৰা নাই। উপহাৰটো মেৰিয়াই আনিছে কাগজেৰে। অতিথি সকলক দৰা-কইনাই প্ৰদান কৰিছে একোটিকৈ গছৰ পুলি।

দৰা-কইনাই নিজে পিন্ধা সাজ-পাৰতো খৰচ কৰা নাই বিশেষ টকা। কইনাই পিন্ধিছে মাত্ৰ ২৫০০ টকীয়া এখন শাৰী আৰু দৰাই পিন্ধিছে ৩০০০ টকীয়া এটা শেৰৱানি। কইনাই মেক আপৰ বাবেও আমন্ত্ৰণ কৰা নাই কোনো বিশেষ মেক আপ আৰ্টিষ্ট। তাৰ পৰিৱৰ্তে এগৰাকী বান্ধৱীয়েই তেওঁক সজাই পৰাই দিছে।

এই সন্দৰ্ভত কইনা মাধুৰী য়ে কয়- “আমি সৰুৰে পৰাই কোনো বস্তু পেলাই নিদিও। সকলো বস্তুকে পুনৰ ব্যৱহাৰ কৰো। আমি কোনো বিবাহৰ আমন্ত্ৰণ পত্ৰও ছপা কৰা নাই। তাৰ পৰিৱৰ্তে অনলাইন মাধ্যমেৰেই সকলোকে আমন্ত্ৰণ জনাইছো। বিবাহ ভৱনৰ সম্মুখত লগাবৰ বাবে আমি বেনাৰ ছপা কৰা নাই, তাৰ পৰিৱৰ্তে এখন কৃষ্ণফলকত চকেৰে লিখি দিছো। পৰিয়ালৰ সকলোৱে হাতে কামে লাগি এই বিবাহ সম্পন্ন কৰিছে।”

উল্লেখ্য যে এই বিবাহখনত মুঠ ২ লাখ টকাহে খৰচ হৈছে। বৰ্তমান এই বিবাহখন সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে।

Exit mobile version