ফ্লিপকাৰ্ট আৰু এমাজনলৈ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ! কিন্তু কিয়?

ফ্লিপকাৰ্ট আৰু এমাজনলৈ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ! কিন্তু কিয়?

October 19, 2020 0 By NEWS DESK

ফ্লিপকাৰ্ট আৰু এমাজনলৈ জাননী জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে।

নিয়ম উলংঘা কৰাৰ বাবেই বিদেশী সংস্থা দুটালৈ জাননী জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, উৎসৱৰ সময়ত সংস্থা দুটাই আয়োজন কৰা বিশেষ ৰেহাইত যিবোৰ পণ্য সামগ্ৰী বিক্ৰী কৰিছে, সেইবোৰ কোন দেশত প্ৰস্তুত কৰা হৈছে সেই সন্দৰ্ভত কোম্পানী দুটাই কোনো কথা উল্লেখ কৰা নাই।

যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংস্থা দুটাক জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।

অন্যথা ব্যৱস্থা গ্ৰহণৰ সকীয়নিও প্ৰদান কৰিছে।

এইক্ষেত্ৰত এমাজনতকৈ ফ্লিপকাৰ্ট অধিক শলঠেকত পৰিছে।

কেন্দ্ৰীয় প্ৰদূষণ বোৰ্ডৰ নিয়ম উলংঘা কৰা বা বিচ্ছিনতাবাদক উৎসাহিত কৰা আদি অভিযোগত এই ই-কমাৰ্ছ সংস্থাটো ইতিমধ্যেই চৰকাৰ তথা জনসাধাৰণৰ ৰোষত পৰিছে।