বকোৰ বন্দাপাৰাত ভয়ংকৰ দুৰ্ঘটনা ! শিক্ষকসহ এগৰাকী মহিলাৰ মৃত্যু…

বকোৰ বন্দাপাৰাত ভয়ংকৰ দুৰ্ঘটনা ! শিক্ষকসহ এগৰাকী মহিলাৰ মৃত্যু…

August 22, 2020 0 By NEWS DESK

বকোৰ বন্দাপাৰাত ভয়ংকৰ দুৰ্ঘটনা ৷ শিক্ষকসহ এগৰাকী মহিলাৰ মৃত্যু৷

দক্ষিণ কামৰূপৰ বকোৰ বন্দাপাৰাত শনিবাৰে আবেলি সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাতটোৰ ফলত কৰুণ মৃত্যুক আকোঁৱালি লয় শিক্ষক সহ এগৰাকী মহিলাই।

উল্লেখ্য যে, যে, গুৱাহাটী দিশৰ পৰা নগৰবেৰাৰ হেকেৰা লৈ গৈ অৱস্থাত থকা AS01 DK 9365 নম্বৰৰ এল্ট্ৰো K-10 বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই বন্দাপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এডাল প্ৰকাণ্ড কঠালৰ গছত খুণ্ডা মাৰাৰ ফলতেই এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়।

যাৰ ফলত বাহনখনত থকা চিত্র প্ৰসাদ শৰ্মা (৬৫) থিতাতে নিহত হয়। ইয়াৰ কিছুসময় পাছতে বাহনখনৰ ভিতৰতে আবদ্ধ হৈ থকা গংগা দেৱী(৪৫) নামৰ মহিলা গৰাকীৰ মৃত্যু হয়।

আনহাতে স্থানীয় ৰাইজৰ সহযোগত বকো আৰক্ষীয়ে চালক কমলেশ্বৰ ৰাভা আৰু আন এজন যাত্ৰী নন্দ বাহুদুৰ ছেত্ৰীক উদ্ধাৰ কৰি বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰে৷

স্মৰ্তৱ্য যে, নিহত চিত্ৰ প্ৰসাদ শৰ্মা হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্মৰত হিন্দী বিষয়ৰ শিক্ষক আছিল। শিক্ষক শৰ্মাৰ মৃত্যুত বকোত পৰিছে শোকৰ ছা।