বদৰুদ্দিন আজমলক মই ‘ঠেংগা’ কেয়াৰ কৰোঁ! বুঢ়া আঙুলি দেখুৱাই ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই

বদৰুদ্দিন আজমলক মই ‘ঠেংগা’ কেয়াৰ কৰোঁ! বুঢ়া আঙুলি দেখুৱাই ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই

November 11, 2020 0 By NEWS DESK

নৱজিৎ শৰ্মা। সাম্প্ৰতিক সময়ত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত নাম হৈ পৰিছে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ লগতে বিটিআৰ নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰা মন্ত্ৰীগৰাকীৰ সৈতে শেহতীয়াকৈ ৰাজনৈতিক বাদানুবাদ বৃদ্ধি পাইছে প্ৰতিটাে বিৰােধী দলৰ নেতাৰ লগতে মিত্ৰদল বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সৈতেও।

UB Photos

শেহতীয়াভাৱে শিলচৰ বিমানবন্দৰত শিলচৰ বিমানবন্দৰৰ ‘বহুচৰ্চিত ঘটনা’ক লৈ তুমুল বিতৰ্কত সােমাই পৰিছে মৌলানা বদৰুদ্দিন আজমল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

ইতিমধ্যে, এআইইফডিএফে মন্ত্ৰীগৰাকীৰ বিৰৱদ্ধে গোচৰ দিয়াৰ লগতে আজমলে প্ৰতিগৰাকী এআইইউডিএফ কৰ্মীক থানাই থানাই মন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিবলৈ নিৰ্দেশ দিছে।

UB photos

এই সম্পৰ্কত গুৱাহাটীত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শৰ্মাই আজমলক তেওঁ ভয় নকৰে বুলি স্পষ্ট কৰি দিয়ে।

সোঁহাতৰ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি মন্ত্ৰী শৰ্মাই কয়- ‘আজমলক মই ঠেংগা কেয়াৰ কৰোঁ? ঠেংগা দেখুৱাই কৈছোঁ মই আজমলক কেয়াৰ কৰা মানুহ নহয়।

আজমলক কেয়াৰ কৰি, থানাক ভয় কৰি ৰাজনীতি কৰাতকৈ ঘৰত শুই থাকিম।’

আনহাতে, এআইইউডিএফৰ সভাপতিবদৰুদ্দিন আজমলে তেওঁলোকৰ চৰকাৰ আহিলে কলাক্ষেত্ৰত সভা অনুষ্ঠিত কৰিব বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে ‘কা’ আন্দোলন সময়ৰ পৰাই শংকৰদেৱ কলাক্ষেত্ৰৰ ওপৰত তেওঁলোকৰ চকু পৰিছে।

UB Photos

তেওঁ কয় যে মিঞা লিডাকৰসলক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কামাখ্যা নাথাকিব, কলাক্ষেত্ৰ নাথাকিব, বৰদোৱাও নাথাকিব।