বনকৰা শিশুৰ গাত উতলা পানী ঢালি চৰ্চিত হোৱা অধ্যক্ষা ডঃ মিতালী কোঁৱৰক নিলম্বন !

বনকৰা শিশুৰ গাত উতলা পানী ঢালি চৰ্চিত হোৱা অধ্যক্ষা ডঃ মিতালী কোঁৱৰক নিলম্বন !

September 9, 2020 0 By NEWS DESK

বিতৰ্কিত অধ্যক্ষা ডঃ মিতালী কোঁৱৰ দেউৰীক নিলম্বন।

বনকৰা শিশুৰ গাত উতলা পানী ঢালি ৰাজ্যজুৰি চৰ্চিত হোৱা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ মিতালী কোঁৱৰক মঙলবাৰে নিলম্বিত কৰা হয়।

উচ্চ শিক্ষা সঞ্চালকালয়ৰ এক নিৰ্দেশনা যোগে নিলম্বন মিতালী কোঁৱৰক।

বনকৰা শিশুক অত্যাচাৰৰ গোচৰত ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে অধ্যক্ষাগৰাকীক।

উল্লেখ্য যে ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী মিতালী কোঁৱৰে তেওঁলোকৰ ঘৰত শুই থকা অৱস্থাত ১২ বছৰীয়া নাবালক বনকৰা ল’ৰাজনৰ গাত উতলা পানী ঢালি দিছিল।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে যোৱা ৫ ছেপ্টেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহায়ত ৰহাৰ পৰা এই দম্পত্তিটোক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছত দম্পত্তিটোক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, দম্পত্তিটোৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত 1443/20 u/s 344/326/34 IPC, R/W Sec.14 CALP Act and R/W Sec. 75 JJ ধাৰাৰ অধীনত Care and Protection of Children Act 2015ত গোচৰ ৰুজু কৰা হৈছিল।