বনভােজ খাবলৈ গৈ গাড়ীৰ পৰা পৰি যুৱকৰ মৃত্যু, আটক চালক

বনভােজ খাবলৈ গৈ গাড়ীৰ পৰা পৰি যুৱকৰ মৃত্যু, আটক চালক

January 10, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। বনভােজস্থলী পােৱাৰ পূৰ্বেই দুৰ্ঘটনাত মৃত্যু হ’ল যুৱক। গুৰুতৰভাৱে আহত আন এজন।

জানিব পৰা মতে, নগাঁও জিলাৰ ডবকা আকাশীগংগাত সংঘটিত হয় এই দুৰ্ঘটনা।

AS-02AC-6497 নম্বৰৰ টাটা মবাইল গাড়ীৰে 15/16 জনীয়া এটা যুৱকৰ দলে আকাশীগংগা লৈ আহিছিল বনভােজ কৰিবলৈ।

কিন্তু বনভোজস্থলী পোৱাৰ পুৰ্বেই ডবকা মধাৰতলিত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ পৰা পৰি যায় যুৱকৰ কেবাজনাে যুৱক।

এই দুৰ্ঘটনাত নগাঁৱৰ বৰাগাঁৱৰ অংকুল ডেকা নামৰ যুৱক জনৰ কৰুণ মৃত্যু ঘটে।

আন দুজন যুৱকক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

অংকুল ডেকাৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে আৰক্ষীয়ে।

অসাৱধানতাৰ কাৰণেই সংঘটিত এই দুৰ্ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাড়ী চালক জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে।

লগতে চাওকঃ

মৰ্মান্তিক! ওচৰৰ পৰা ৰে’ল চাবলৈ গৈ ৰাজধানীৰ এক্সপ্ৰেছৰ খুন্দাত ভাতৃ-ভগ্নীৰ মৃত্যু

প্ৰকৃত বন্ধু! পথৰ কুকুৰে দ্বিতীয় জীৱন দিলে এজন ব্যক্তিক

চেল্ফী তুলিবলৈ গৈ প্ৰাণ গ’ল যুৱতীৰ! ২২ ঘণ্টাৰ পিছত উদ্ধাৰ মৃতদেহ

পুনৰ ছেল্ফীৰ বাবেই দুৰ্ঘটনা! ৰে’লৰ ওপৰত উঠি চেল্ফি তুলিবলৈ গৈ মৃত্যু কিশোৰৰ