NEWS8 NE

বনাঞ্চলত হাতীৰ জাকৰ দীৰ্ঘতম যাত্ৰা, ড্ৰােন কেমেৰাত বন্দী বহু দুৰ্লভ দৃশ্য

নিউজ ডেস্ক। অলপতে বনৰীয়া হাতীৰ জাকৰ বনাঞ্চলত বিচৰণৰ এক দৃশ্য সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে।

দৃশ্যটোত দেখা অনুসৰি চীনৰ এক বনাঞ্চলৰ পৰা ওলাই যোৱা হাতীৰ এটা জাকে শুই পৰিছে হাবিৰ মাজত। সেই দৃশ্যই সামাজিক মাধ্যমত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছে।

বি বি চিত প্ৰকাশ পোৱা খবৰ অনুসৰি, যোৱা ডিচেম্বৰত হাতীৰ জাকটোৱে চীনৰ য়ুনান প্ৰদেশৰ পুৱেৰ চহৰৰ এখন সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহে। বৰষুণৰ বাবে হাতীৰ জাকটোৰ যাত্ৰা কিছু ধীৰ হয়।

সেয়েহে জাকটোৱে জিয়াং নগৰৰ সমীপৱৰ্তী হাবিত আশ্ৰয় গ্ৰহণ কৰে। বৰ্তমানলৈকে হাতীৰ জাকটোৱে দক্ষিণৰ পৰা পশ্চিম দিশলৈ ৫০০ কিমি পথ অতিক্ৰম কৰিছে। কিন্তু কি কাৰণত জাকটোৱে এনেদৰে দীঘলীয়া যাত্ৰা কৰিছে সেই সন্দৰ্ভত নাই কোনো নিশ্চিত তথ্য।

জাকটোৰ সুৰক্ষা প্ৰদানৰ বাবে বৰ্তমান চীন চৰকাৰে ব্যৱহাৰ কৰিছে এক বিশেষ গোট। যিটো গোটত আছে দেশখনৰ বিভিন্ন বিভাগৰ ৫০০ কৰ্মচাৰী। জাকটোৰ গতি বিধি নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে ১৪ টাকৈ ড্ৰ’ন কেমেৰা।

গোটটোৱে জাকটোৰ যাত্ৰাপথত অতিক্ৰম কৰিব লগা জনপথ সমূহ আগতীয়াকৈ বন্ধ কৰি দিয়ে আৰু আশে-পাশে থকা লোক সকলক নিৰাপদ স্থানলৈ লৈ আনে। ইয়াৰোপৰি ঘন জনসংখ্যা থকা অঞ্চললৈ যাব নোৱাৰাকৈ আগতীয়াকৈ বেৰিকেড সাজি দিয়ে।

গোটটোৱে হাতীৰ জাকটোৱে খাব পৰাকৈ যাত্ৰাপথত যোগান ধৰিছে ফল-মূলকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী।

চীন চৰকাৰে জনোৱা অনুসৰি, প্ৰথম অৱস্থাত হাতীৰ জাকটোত আছিল ১৬ টা হাতী। পৰৱৰ্তী সময়ত তাৰে দুটা হাতী উভতি আহে।

জাকটোৰ এই যাত্ৰা কালত এজনী হাতীৰ এটা পোৱালিয়ো জন্ম হয়। জাকটোত আছে ৬ জনী মাইকী হাতী, ৩ টা মতা হাতী, তিনিটা সৰু আৰু তিনিটা পোৱালি হাতী। যাত্ৰাপথত খাদ্য আৰু পানীৰ বাবে জাকটোৱে কোনো ধৰণৰ বিশেষ ক্ষতি কৰা নাই। আৰু জাকটোকো কোনোৱে কৰা নাই আক্ৰমণ।

সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা দৃশ্যটোত দেখিবলৈ পোৱা অনুসৰি, এই হাতীৰ জাকটোৱে যাত্ৰাপথত বহুতো কৃষি পথাৰ, চহৰ, পথ আদি পাৰ হৈ গৈছে।

লগতে চাওকঃ

ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতী পোৱালিয়ে দমকল মাৰি খালে পানী! ভিডিঅ’ ভাইৰেল

ভাগ্য! নিশাটোৰ ভিতৰতে লাখপতি হ’ল এজন টেম্প’ চালক

Exit mobile version