বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ সন্দেহ

বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ সন্দেহ

September 4, 2020 0 By NEWS DESK

ভাৰত-ভূটান সীমান্তৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি বৃদ্ধি পাইছে চােৰাং চিকাৰীৰ দৌৰাত্ম্য।

আৰক্ষী তথা এছএছবিৰ অভিযানত চােৰাং চিকাৰী ধৰা পৰিছে যদিও বন্য জীৱকুলৰ নিধনযজ্ঞ এতিয়াও সম্পূৰ্ণৰূপ বন্ধ হােৱা নাই।

শেহতীয়াকৈ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ অক্সিগুৰিত নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

নিশা সংঘটিত এই হত্যাৰ ঘটনা পিছদিনা দুপৰীয়া পোহৰলৈ আহে।

পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ ৪০ বছৰীয়া মাইকী বন্যহস্তীজনীৰ গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুটাকৈ গুলিৰ খালি কাৰ্টুজ ওচৰত উদ্ধাৰ কৰে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসকৰ দলে মৰণোত্তৰ পৰীক্ষা কৰি আজি নিশা মৃতদেহ পুতি থয়।

উল্লেখ্য যে কিছুদিন পূৰ্বে বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চাৰিটা হাতীৰ দাতৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, এছএছবিৰ অভিযানত এজন চােৰাং চিকাৰী বন্দুকসহ গ্ৰেপ্তাৰ হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত।