বলীউডৰ অভিনেতা ৰণদীপ হুদা অসুস্থ ! এক জটিল অস্ত্ৰোপচাৰৰ বাবে মুম্বাইৰ হাস্পতালত ভৰ্তি…

বলীউডৰ অভিনেতা ৰণদীপ হুদা অসুস্থ ! এক জটিল অস্ত্ৰোপচাৰৰ বাবে মুম্বাইৰ হাস্পতালত ভৰ্তি…

August 27, 2020 0 By NEWS DESK

বলীউডৰ পৰা আন এক বেয়া খবৰ।

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুদা অসুস্থ।

এক জটিল অস্ত্ৰোপচাৰৰ বাবে মুম্বাইৰ হাস্পতালত ভৰ্তি।

Image

বুধবাৰে অসুস্থ হৈ পৰাত মুম্বাইস্থিত এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতা গৰাকীক।

জানিব পৰা মতে অভিনেতা গৰাকীৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব।

অৱশ্যে অভিনেতা গৰাকীৰ কি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব অথবা কি ৰোগত আক্ৰান্ত হৈছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

ইতিমধ্যে অভিনেতা গৰাকীৰ স্বাস্থ্যৰ পৰীক্ষাসমূহৰ লগতে কোভিড টেষ্ট কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

অভিনেতা গৰাকীৰ কোভিড১৯ৰ ৰিজাল্ট নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে।