Site icon NEWS8 NE

বহিঃৰাজ্যত নৃশংস হত্যাৰ বলি হোৱা অসমৰ শ্ৰমিক দম্পতীৰ মৃতদেহ ওভতাই অনা হ’ল স্বগৃহলৈ, শোকাকুল পৰিৱেশ…

নিউজ ডেস্কঃ কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ৰহস্যজনক মৃত্যুক সাৱটি লোৱা অসমৰ এহাল শ্ৰমিক দম্পতীৰ মৃতদেহ ওভতাই অনা হ’ল স্বগৃহলৈ।

চিৰাং জিলাৰ পানবাৰীৰ নিজ-দামুগাওঁৰ ফাৰুক আলী আৰু তেওঁৰ অন্তঃসত্বা পন্তী নুৰেজা খাতুনৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ টুটিঙত কাঠ মিস্ত্ৰী হিচাপে কৰ্মৰত আছিল ফাৰুক আলী আৰু পত্নী নুৰেজা খাতুন।

যোৱা ৪ ছেপ্টেম্বৰৰ নিশা শোৱাপাটীয়ে পতি-পত্নী দুয়োকে হত্যা কৰিছিল কোনো অচিনাক্ত দুৰ্বৃত্তই।

অন্যহাতে পৰিয়ালে জানিবলৈ দিয়া মতে, দম্পতীহালৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে ফাৰুক আলীয়ে পৰিয়ালৰ লোকলৈ ফোন কৰি দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱাৰ কথা কৈছিল।

এনে পৰিপ্ৰেক্ষিতত দম্পতীহালৰ মৃত্যুৰ সঠিক তদন্তৰ দাবী তুলিছে পৰিয়াল তথা স্থানীয় ৰাইজে।

ইফালে, ফাৰুক আলী আৰু নুৰেজা খাতুনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে স্বগৃহলৈ প্ৰেৰণ কৰাক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Exit mobile version