NEWS8 NE

বহিঃৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ প্ৰেমিকৰ মৃত্যু, চাৰি দিন পিছতেই প্ৰমিকাই ল’লে ভয়ংকৰ সিদ্ধান্ত…

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

সুদূৰ হায়দৰাবাদত কৰ্মৰত অৱস্থাত প্ৰেমিকৰ মৃত্যুৰ দুদিন পিছতেই চৰম পন্থা হাতত ল’লে অসমত থকা প্ৰেয়সীয়ে। বাছি ল’লে আত্মহননৰ পথ।

এই ঘটনাৰ স্থান নগাঁও জিলাৰ কামপুৰৰ তেতেলিসৰাৰ কেকুৰীবাৰী।

জানিব পৰা মতে ৰিম্পী দাস( ১৭) নামৰ এই যুৱতী গৰাকীয়ে শুকুৰবাৰে দিনৰ দহ মান বজাত আত্মহনন পথ বাচি লয়।

উল্লেখ্য যে যােৱা ২৮ মাৰ্চত ৰিম্পীৰ প্ৰেমিকৰ হাইদৰাবাদত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু ঘটিছিল।

ভাস্কৰ জ্যোতি নাথে কিছুদিন ধৰি হায়দৰাবাদৰ এটা কোম্পানীত চাকৰি কৰি আছিল।

ভাস্কৰৰ এই মৃত্যুক সহজ ভাৱে লব পৰা নাছিল প্ৰেমিকা ৰিম্পীয়ে, যাৰ বাবেই ৰিম্পীয়ে আত্মহনন পথ বাচি লয় বুলি অনুমান কৰা হৈছে।

এই ঘটনাৰ খবৰ লাভ কৰি কামপুৰ আৰক্ষী উপস্থিত হৈ ৰিম্পীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে ৰিম্পী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰী আছিল।

লগতে চাওকঃ

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

Exit mobile version